সমললৈ যাওক

পৃষ্ঠা:অলকালৈ চিঠি.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Nanda Mohan Talukdar P. O. forbh og Dated 88 8.50 Kamrup Barnagar II. I. School ) কলিকতা 'অলকা, তুমি চিঠি দিবা বুলি ম‍ই আশা কৰা নাছিলো। দিলে অৱশ্যে ভাল পালো হয় কিন্তু তোমাক সেইটো ফুটাই কবলৈ টান পাইছিলো, সেই কাৰণে তোমাৰ ভাইটিকে অনুৰোধ কৰিছিলো চিঠি দিবলৈ, যদিও জানিছিলো যে সি আখৰ জোটাবলৈকেহে শিকিছিল, চিঠি লিখিবলৈ শিকা নাছিল। তুমি কেনেকৈ বুজিছিলা — মনে মনে তোমাৰ পৰা চিঠি আগ্ৰহ কৰিছিলো বুলি? তুমি নুবুজা হলেও মই বেয়া নাপালো হয়, কাৰণ জীৱনত দেখিছো নুবুজাকৈয়ে ভালেমান কাম চলে, আৰু বহুত ক্ষেত্ৰত সেয়ে ৰীতিৰ স্থান পায়গৈ। তুমি যেনে ছোৱালী এই কথাষাৰৰ বোধ হয় ব্যাখ্যা বিচাৰিবা। ম‍ই বৰং উদাহৰণ দিওঁ। বেৰত জেঠিয়ে টিকটিকায় আৰু তোমালোকে ইপিনে মাটিত টুকুৰিয়াই কোৱা—“সইত, সইত,” ইয়াৰ কিবা যুক্তিসঙ্গত হেতু আছে নে? এনে উদাহৰণ আৰু বহুত আছে। তুমি বোধ হয়