লোকৰ মন এই বাটেৰে মুজায় নেকি? চাকৰি থেম-খাটনি তোমা- লোকে বোধ হয় এইবোৰ ভাল নোপোৱা, আমাৰ দিনত ইংৰাজী জনা ছাত্ৰক সকলোৱে সমাদৰ কৰিছিল, বুদ্ধিবান বুলিছিল, আজি কালি নোবোলে নেকি? তোমালোকৰ মাজত ইংৰাজী জনা ছাত্ৰীক বিদুষী বুলি জ্ঞান কৰা নে নকৰা? কলেজৰ ভাল ছাত্ৰীয়ে পোৱা সন্মানে তোমাক মুগ্ধ নকৰে জানো? মই একো বুজিব নোৱাৰিহে তোমাক এইবোৰ প্ৰশ্ন সুধিছো। নে পৰীক্ষাৰ বাবে কিতাপ পঢ়ি পঢ়ি জীৱনত আন একোতে আনন্দ নোপোৱাত পৰিছা? তোমাৰ চিঠিবোৰ যেন অতৃপ্তিৰ বেৰ ভেদ কৰি সৌজন্যৰ মাজেৰে চুচৰি বাগৰি আহে, এনে যেন লাগে কিয়? নে ময়ে জীৱনৰ সৌন্দৰ্য্যৰ বুজ ইমানকৈ হৰুৱাইছো যে তোমাৰ চিঠিতৌ কিবা সন্দেহ মিহলাই পঢ়োঁ? মই নিজে ধৰিব নোৱাৰাকৈ তোমাৰ গাত উদাৰ চেঁচা পানী ঢালিছো নেকি? মই বৰ সন্দিগ্ধ আৰু অশান্ত অৱস্থাত আছো। মোৰ অইন কামতো ইয়াৰ প্ৰভাৱ পৰিছে। তুমি উদ্ধাৰ প্ৰকৃতিৰ ছোৱালী, মোৰ প্ৰতি অলপ অনুকম্পা দেখুৱাবাচোন। মই বিমূঢ় হৈছে॥ আজি জনাবলৈ হলে অকল ব্যথা জনাব পাৰোঁ। ইতি ৫৯ তোমাৰ প্ৰকাশ
পৃষ্ঠা:অলকালৈ চিঠি.pdf/৫৫
অৱয়ব