এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
অলকা, ( ১ ) বিশ্বনাথ “আজি এ প্ৰভাতে ৰবিৰ কৰ কেমনে পশিল প্ৰাণেৰ পৰ কেমনে পশিল গুহাৰ আঁধাৰে প্ৰভাত পাখীৰ গান! নাজানি কেনৰে এতদিন পৰে জাগিয়া উঠিল প্ৰাণ! —ৰবীন্দ্ৰনাথ লিখিবলৈ আৰু একো কথা নাই। এতিয়া মোৰ টিলাটোত সুন্দৰকৈ সুৰুষৰ পোহৰ পৰিছে, ফুলৰ কেশৰৰ মাজত নিয়ৰৰ সৰু সৰু বিন্দুৱোৰ মুকুতাৰ গুৰিৰ দৰে উজ্জ্বল হৈছে, তাত লাগি থকা মৰাৰ জালবোৰ ৰূপোৱালি গুণাৰ কাম কৰা পাতৰ কাপোৰ যেন দেখিবলৈ হৈছে। অলপ ভাবিবলৈ গলেই মোৰ উশাহবোৰ গধূৰ হৈ আহে। পৰ্ব্বত ফালি ওলোৱ৷ নিজৰাৰ দৰেই ওপৰত লিখা কবিতা ফোকি মোৰ মনৰ গহন অন্ধকাৰৰ মাজেদি ভেদ কৰি আহি মোৰ অনুভূতি গোচৰ হোৱাত তোমালৈ লিখি পঠিয়ালো। ইয়াতকৈ বেছি লিখিবলৈ গলেই কপটতাৰ ছাঁ পৰিব। আজিলৈ বিদায়। ইতি তোমাৰ — প্ৰকাশ