সমললৈ যাওক

পৃষ্ঠা:অলকালৈ চিঠি.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হয়। কলেজৰ ডেস্কে ডেস্কে মোৰ নাম তোমালোকে কটাৰিৰে কাটি চিত্ৰবিচিত্ৰ কৰিলাহেঁতেন। মই ক্লাছত নোসোমোৱালৈকে তোমা- লোকে থিয় হৈ থাকিলা হয় আৰু মই ওলাই নহালৈকে তোমালোকে নিজৰ নিজৰ ঠাইত মুচকচ গৈ থাকিলা হয়। বিধাতাৰ পৰিহাস, মোক পঠিয়ালে চাইকেল মাৰি গাৱে গাৱে এই ৰ'দত বোকাই পানীয়ে ঘুৰি ফুৰিবলৈ! মই যিমানে খুহুতীয়া কথা নিলিখোঁ কিয়, তোমাৰ মনটো যেন মৰা, মুখখন যেন মলিয়ন, এনে হেন লাগিছে কিয়? তোমাৰ চিঠিৰ আখৰে আখৰে আগৰ দৰে সৌন্দৰ্য্য বগাই যোৱা নেদেখোঁ কিয়? মই কেতিয়াবা কিবা আঘাত দিছো নেকি? নে মই ভয় কৰাৰ নিচিনাকৈ তোমাৰ মনেও মোৰ পৰা ফালৰি কাটি যাবলৈ বিচাৰিছে? বোধ হয় মুক্তি বিচাৰিছে। এইটো কিজানি বিধাতাৰে অভিপ্ৰায়? দুয়ো দুয়োকে পাহৰি যাওঁ, দুয়ো দুয়োৰে পৰা আতৰি যাওঁ, কি কোৱা? এইটো মোৰ নিষ্ঠুৰতা বুলি নাভাবিবা। কিজানি নহয়। কল্পনাবিলাসো আমি ওচৰা ওচৰি হৈ থকাৰ কিবা প্ৰতিক্ৰিয়া আছে নে? কিহে তোমাক ব্যথা দিছে? নে পঢ়া শুনাই ছোৱালীৰ মন সুস্থ নাৰাখে? কলেজত যিবোৰ শিকোৱা হয় সেইবোৰ শিৰা-উপশিৰাৰে গৈ ছোৱালীৰ মনত নতুন প্ৰাণ নানে নেকি? জীৱনৰ নতুন বিস্তীৰ্ণ কৰ্ম্মভূমি কলেজৰ শিক্ষাই ছোৱালীৰ আগত দাঙ্গি নধৰে নেকি। ল'ৰাবোৰে পাছ কৰিলে চাকৰি পায়, ইয়াকো এটা শিক্ষাৰ সাৰ্থকতা হিচাপে ধৰি লয়, তোমা- ৫৮