সমললৈ যাওক

পৃষ্ঠা:অলকালৈ চিঠি.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অলকা, (39) বিশ্বনাথ তোমাৰ চিঠি পাই মোৰ অলপ সজীৱতা আহিল। তুমি খং কৰি ভালকে কৰিছিলা। খং কৰা নিতান্ত আৱক। খিটখিটীয়া মেজাজৰ খংটোহে মোৰ ভাল নালাগে, গহীন গম্ভীৰ শান্ত মুখৰ খংটো মোৰ ভাল লাগে। কবিয়ে কি গাইছে জানো— “হায় অভিমানী মোৰ, কোনে তোৰ ভাঙি অভিমান চেনেহেৰে ধৰিব যোগান!”—নে কি? যোগান ধৰোত৷ মানুহ থাকিলে এইটো এটা marvellous hit! তুমি যে কিয় কলেজত পঢ়িছা মই বুজি নাপাওঁ। একো আধুনিকতম বিষয় তোমাৰ চিঠিত লিখা নাথাকে। মই আজি কালিৰ যুগৰ ছোৱালী হোৱা হলে আৰু তোমাৰ নিচিনা ভেবাৰাম ডেকাৰ দল মোৰ আৰাধক হোৱা হলে তুমি দেখিলা হয় মই কিস্তি মাৎ কৰি দিলো! ৫7 00 8