সমললৈ যাওক

পৃষ্ঠা:অলকালৈ চিঠি.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এজনী গাই গৰু আনিম ধুনীয়া পোৱালী এটাৰে সৈতে। মোৰ ভাণ্ডাৰীটোৰ অতি আগ্ৰহ। ময়ো কিজানি পাহৰণিৰ অভ্যাসৰ বাবে নতুন এখন কৰ্ম্মক্ষেত্ৰ পাওঁ। কৃতকাৰ্য্য নহলেও নাহাহাহিবা এতিয়াই এটা খবৰ আহিছে, ম‍ই কালিলৈ গাৱলৈ ওলাম, কলেৰা- ডিউটিভ। খবৰ যেনে ভাৱে আহিছে নৰিয়াৰ প্ৰকোপ বোধ হয় বেছি। কিমান দিন বাহিৰত থাকিব লগীয়া হয় কব পৰা নাই। এনে তভাতৈয়া কামৰ হেঁচাত পৰিলে কিছুদিনলৈ শাস্তিত থাকে৷। শাস্তিৰ -শীতল বা এতিয়া মোৰ ভাল নালাগে। বাহিৰত শীতল হলেও ভিতৰত পোৰণি তোলে৷ বাহিৰৰ সকলো ব্যৱধান আফলিয়াই ভাঙ্গি আমি যদি এদিনলৈও মুক্ত হব পাৰিলো হয়, কিজানি দুয়োকে দুয়ো কথা পাতি থাকোতে কোনোবা বা’মালিৰ বোকোচাতে উঠি নতুন কোনোবা সংসাৰত পৰিলোহেঁতেন গৈ য'ত আমাক কোনোৱে নিচিনে, আমিও কাৰো মাত কথা বুজি নাপাওঁ। তোমাৰ তেতিয়া অসুবিধাত পৰা হাঁহিটো মোৰ ভাল লাগিল হয়। ইতি তোমাৰ— প্ৰকাশ