মোব চাকবটো নেপালী, – দুয়ো ভাল মিলিছে৷। ভাৰ হতুৱাই ফুলৰ কাষৰ হাবিবনবোৰ উঘালি দি ঠাই বুজি সাই হুই দিয়াত আগৰ অযত্নপালিতা কন্যা সকলৰ এতিয়া ৰূপৰ জেউতি চৰিছে। মোৰ পক্ষে এটা দূৰদৃষ্ট হৈছে,—মই যেতিয়া এই ফুলবোৰলৈ চাওঁ কিয় জানে৷ বহুত কথা মনত পৰে, বহুত কল্পনাই মোক আগচি ধৰে। ফুলবোৰ যেতিয়া বতাহত লৰে তোমালৈ কিয় মনত পৰে? কি জানো কি ভাবত ৰ লাগি চাই থাকে৷। মই মোৰ অন্তৰৰ ভাববোৰ বুজিব পৰা নাই। ভাব একো জটিল নহয়, কিন্তু এই দুটাৰ মাজত ( বুজিছাই নহয় কোন দুটা ) সাদৃশ্য কি সংযোগ কি তাকেহে বুজি পোৱা নাই। মোৰ আজিও মনত পৰে তোমাক কলেজত পঢ়িবলৈ কেনেকৈ অনুৰোধ কৰিছিলো। মোৰ দায়িত্বজ্ঞান লোপ পোৱা নাই যেন লাগে। কিন্তু তোমাক মোৰ সকলো কাম, সকলো চিন্তাধাৰাৰ মাজলৈ আনে৷ কিয়? মই নিজকে বৰ অপৰাধী যেন পাইছো। মোৰ স্থিৰ- বিচাৰবুদ্ধিয়ে কয়—“ তেওঁ পঢ়ক, তুমি অলপ ক্ষান্ত হোৱা।” মোৰ ভিতৰত যে কিহে ক্ষান্ত নহয় মই ধৰিব পৰা নাই। মই তোমালৈ চিঠি লিখাকে বন্ধ কৰিব খোজোঁ। তেতিয়াও এটা সমস্যা আছে, - কিজানি তুমি এখন মোৰ পৰা চিঠি বিচৰা, মই নিজলৈ কঠোৰ হওঁতে তোমালৈও নিদয় হৈ যাব পাৰোঁ। তুমি চিঠি নিবিচাৰিব পাৰা কিন্তু তেতিয়া মোৰ কিজানি অইন উপসৰ্গই দেখা দিয়ে। ভৰিৰ তলৰ মাটিখিনি টান পাইছো। ফুলনি পাতোঁ বুলি ভাবিছিলো তোমাকে পাহৰোঁ বুলি, কিন্তু সেই সঙ্কল্পৰ দেখিছে৷ একো অৰ্থ নাই। কালিলৈ 00
পৃষ্ঠা:অলকালৈ চিঠি.pdf/৫১
অৱয়ব