সমললৈ যাওক

পৃষ্ঠা:অলকালৈ চিঠি.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

আত্মকথা

           ________________
মোৰ বহুত ডেকা বন্ধু - লৰা ছোৱালী উভয়ে,- ভুলকৈ বুজে যে মই লিখিব পাৰোঁ :- মই যে নোৱাৰোঁ এই কথাষাৰকে জনাবলৈ এটা প্ৰচেষ্টা কৰাৰ কথা ভাবিছিলো-ভাবিলো কিবা,-ওলাল এই কালান্টক চিঠি বোৰ|সেই হিচাপে এইবোৰ তেওঁলোকৰে প্ৰাপ্য|সমাপ্ত হল ১৩৪৮ চনৰ শেষভাগত- কলিকতাত থাকোঁতে|প্ৰকাশৰ অসুবিধাৰ বাবে হাততে বহুত দিন থাকিল , শেহত এজন আপোন ডেকাৰ ফুচুলনিত পৰি হাতৰ পৰা এৰি দিলো চিঠি অপ্ৰকাশিত থকাই বস্তু ,- নহয় জানো ? ইতি-

শ্ৰীহলীৰাম ডেকা

গুৱাহাটী বহাগ বিহু ১৩৫৭ চন