SMANN TERS জগন্নাথ মন্দিৰলৈ বুলি খোজ ললে৷। ইয়াত ধৰ্ম্ম সম্বন্ধীয় যি কাম কৰিলো তোমাক কোৱাৰ আৱশ্যক বিবেচনা নকৰিলো। তুমি তোমাৰ পৰিণত বয়সত যেতিয়া তোমাৰ ভকতৰ লগত ইয়ালৈ আহিব৷ তেতিয়া সেই সকলো বিনা আয়াসে আয়ত্ব কৰিব পাৰিবা। দুপৰীয়া খোৱা-বোৱাৰ পিছত মই অলপ উচপিচকৈ আছো, মোমাইজনে সুধিলে— “বোপা নোশোৱা নে? নিশাও ৰেলত ভাল টোপনি হোৱা নাই।” মই কলো—“আপুনি শোৱক। মই সাগৰৰ দাঁতিৰ পৰা অলপ ফুৰি আহোগৈ”। তেখেতে কলে—“নিচিনা নজনা ঠাই অকলে বেছিকৈ নুফুৰিবা; তাতে দেখিছাই নহয় সাগৰৰ পাৰখনত কেনে বেমাৰীবোৰ। ডাক্তৰী পঢ়া ল'ৰা ইত্যাদি।”
কথা কৈ থাকোতেই তেখেতৰ লাহে লাহে টোপনি আহিল আৰু বাহিৰৰ পৰা দুৱাৰ জপাই মই ওলালো। সাগৰ মুখে লৰিলো, ইবেলি মোক কিহে ৰাখে? কি ধুনীয়া সাগৰখন, কি চলচলীয়া তাৰ বুকুখন! পাৰত গৈ থিয় দিলো। ওপৰত নিৰ্ম্মল আকাশ, সম্মুখত অনন্ত বাৰিধি, কোনো জনপ্ৰাণী নাই। ঠাছ, ঠাছকৈ ঢৌবোৰৰ শব্দ হব ধৰিছে। এই ঢৌবোৰ ওপৰলৈ উঠিছে, এই কোব খাইছে, এই ফাটিছে, এই পানীবোৰ হুৰহৰকৈ তললৈ পৰিছে,—কি চিত্ৰ, কি সৌন্দৰ্য্য। মোৰ হাত চাপৰি বজাই নাচিবৰ ইচ্ছা হৈছিল। – “একি কলৰৱ, একি মা হৰ্ষ!” মোৰ মনৰ ওপৰেদি যে কিমানবাৰ বগাই গৈছিল তাৰ অন্ত নাই। সেই আনন্দৰ সীমা ক'ত, পৰিধি কত? 190