পোৱাৰ আগতে তাৰ ঢৌৰ শব্দ শুনি,— অস্পষ্ট হো হো শব্দ এটা। সাগৰৰ পাৰ পোৱাৰ ভালেখিনি দূৰৰে পৰা বেয়া বেমাৰীবোৰ বাটৰ কাষে বহি হিয়া ধাকুৰি মূৰ আফলিয়াই আছে, ভিক্ষা লাগে। আনন্দত জঁ পিয়াই উঠিব খোজা মনটো দমি থাকে। কিন্তু যেতিয়াই -সাগৰ দেখা হয়, পৃথিবীৰ একো ভাব চিন্তাই তোমাক বান্ধি ৰাখিব নোৱাৰে,—তাৰ বিশাল বুকুলৈ লৰি যাবৰ মন যায়। মোৰ লগত পাণ্ডা আৰু এই ‘মোমাই’-ভদ্ৰ লোকজন নথকা হলে মই নিশ্চয় লৰি গলে৷ হয়। তথাপি খোজ খৰ কৰিলো। পাৰ গৈ পোৱাত পাণ্ডাই -সাৱধান কৰি দিলে যে নতুন মানুহ মই তেনেকৈ ঢাপলি পিতি যাব নালাগে। সাৱধানৰ মৰণ নাই সঁচা —কিন্তু অসাৱধানতাৰ মৰণো সেই আনন্দৰ মাজত বেয়া নালাগিল হয়। পাৰ গৈ পায়ে আমি -বলো। ঢৌ অহাৰ আগতে পাৰত বহি কেনেকৈ মাটিত খামোচ মাৰি বহি থাকিব লাগে আৰু ঢৌৱে আহি আমাক কেনেকৈ তৰতে ঢৌৱাই নিব আৰু তাৰ পিছত আমি কেনেকৈ পিছৰ ফাললৈ মূৰ কৰি উঠিব লাগে পাণ্ডাই সেইবোৰ দেখুৱাই দিলে। মোমাইজন তেনেকৈয়ে বহিল, মোৰ তেনেকৈ বহিবলৈ লাজ লাগিল। আগতে কেতবোৰ মানুহে সাগৰত নামি গা ধুইছে আৰু মই পঁচিশ বছৰীয়া ডেকাজনে তেনেকৈ গা ধুম,—মই নিজৰ মনতে লাজ পালোঁ। কিন্তু ভদ্ৰলোকজনে যেতিয়া কলে “বোপাই, মই অকলে বহিবলৈ ভয় কৰিম” তেতিয়া মই অলপ লজ্জিত হৈয়ে তেখেতৰ কাষত বহিলো আৰু নিৰুপদ্ৰৱ সমুদ্ৰ স্নান সমাধা কৰিলো। তাৰ পিছতে ৩৭ চকুৰ
পৃষ্ঠা:অলকালৈ চিঠি.pdf/৩৩
অৱয়ব