BORANTESS - আনন্দ বুজাবলৈ ভাষা ক'ত? কি কৰোঁ, কিমান নাচিম, কিমান জঁ পিয়াম, কিমান কবিতা গাম—অনন্ত যে ভাল! সেই তালৰ লগত মিলাবলৈ ইমান গান ক'ত, গীত ক'ত, মানৱমনৰ ক্ষমতা ক'ত? স্তব্ধ হৈ থিয় দিলো। চকুৰে যিমান দূৰলৈ মনিব পাৰোঁ— সুনীল জলধি। কিহে কথা কয়, কিহে মোক মাতে? কাৰ চিৰ-অব্যক্ত বেদনাৰাশি আজি মোৰ হৃদি-কুহৰত এনে মধুস্ৰাৱী ভাষাত কোনে ঢালি দিছে? কল্পনা? নহয়, বাস্তৱ সত্য। অনুভূত জ্বলন্ত সত্য। চিৰদীপ্ত চিত্ৰাঙ্কিত সুমহান সত্য। তুমি চাগৈ অধৈৰ্য্য হৈ কবা — “আপোনাৰ প্ৰগল্ভতাত মই বিচূৰ্ত্তি খাইছো।” মই সেইটো বুজিব পাৰিছে॥ তোমাৰ ভাগখিনি কোৱা নাই, সেয়ে তুমি আমনি পাইছা। তুমি মোৰ লগত আছিলা, সমুদ্ৰ-ধৌত মোৰ মানস মন্দিৰত তুমিও আছিলা,—কত আছিলা, প্ৰশস্ত বেদীত—নে ব্ৰেৰ চুকত এতিয়া কবৰ হোৱা নাই এখোন। মোৰ মনোমন্দিৰৰ দুৱাৰ খিৰিকিবোৰ কাৰাকপ মৰা বন্ধ নাছিল,- যদি এই আনন্দৰ বহল এছাতি বতাহ তোমাৰ ভিতৰলৈ যায় জানিবা তুমি বহল কানোবা ঠাইত আছিলা, আৰু যদি কাণৰ কাষেৰে পুৰ সুৰকৈ যায় কৰবাত চুকত লুকাই আছিলা, নহয় জানো? আবেলি গলো, গধূলি আকৌ সাগৰৰ পাৰত ওলালোহি। পূৰ্ণিমাৰ জোন বেলি থাকোতেই ওলাইছে, গধূলি তাৰ সম্পূৰ্ণ জ্যোতি সাগৰৰ বুকত পৰি গোটেই বিশ্বভুবন সোণালী হৈ পৰিছিল, পানী জিলিকিছে জোনৰ পোহৰত, পাৰ জিলিকিছে পানীৰ পোহৰত। মই অকলে ৩১
পৃষ্ঠা:অলকালৈ চিঠি.pdf/৩৫
অৱয়ব