( ১১ ) কনিকভা অলকা, তোমাক নোকোৱাকৈয়ে মই পুৰীলৈ গৈছিলো, কালি আহিলো। তোমালোকৰ কলেজ বন্ধ হোৱা, তুমি ঘৰলৈ যোৱা আদিৰ বাতৰি মই আগতে পাইছো। পুৰীলৈ গলো, এনেই, ধৰ্ম্ম কৰিবলৈ নহয়। মনটো কিছুমান দিনৰ পৰা ভাল নাছিল; তাতে অকস্মাৎ এজন বন্ধুৱে বিনা পইচাতে পুৰীৰ পৰা ঘূৰি অহাৰ সুযোগ এটা দিলে, তাকেই অৱলম্বন কৰি তীৰ্থযাত্ৰা কৰি আহিলো। মোৰ বন্ধুজনৰ মোমায়েক আহিছিল পুৰীলৈ পুণ্য অৰ্জনৰ বাবে যাবলৈ, মোৰ বন্ধু- জনক সহায়কাৰী হিচাপে নিয়াৰ কথা আছিল, বন্ধুজনৰ অকস্মাৎ হল অসুখ, মোমায়েকে নোৱাৰে সৰহ দিন ৰব, কাজেই ময়ে তেখেতক পুৰী দেখুওৱা কামটো সহৃদয় বন্ধু হিচাপে হাতত ললে॥ এই হল মোৰ সাগৰ পাৰলৈ যাত্ৰাৰ গুৰিত। তাত মই কেনে পালো, সেইটো হল মোৰ অত্যন্ত নিজা, আৰু তোমাক আজি তাৰেই অলপ ভাগ দিবলৈ ওলাইছো। তুমি চাগৈ অকলে আছা, অৰ্থাৎ তোমাৰ বন্ধু বা বান্ধৱীৰ সংস্পৰ্শৰ বাহিৰত, – আৰু ইচ্ছা কৰিলে এখন্তেকলৈ মোৰ বৰ্ণনাত আত্মনিয়োগ কৰিব খুজিলেও পাৰিবা। আমি ৰাতিপুৱা পালো গৈ। তেতিয়া ৰ'দ উঠিছে। পাণ্ডাৰ ঘৰত কানি কাপোৰ এৰিয়ে সাগৰলৈ গা ধুবলৈ গলো। সাগৰৰ পাৰ ৩৬
পৃষ্ঠা:অলকালৈ চিঠি.pdf/৩২
অৱয়ব