তুকুৰ থকা বুলি ভাবিছিলো। সিহঁত উঠিলতহে মোৰ চকু পৰিল।সিহঁতৰ কাষতে কাৰবাৰ ভাতৰন্ধা চৰুৰ খোলা এটা লৰি আছে, মোৰ বুজিবলৈ বাকী নাথাকিল যে এয়ে সিহঁতৰ আহাৰৰ পাত্ৰ আছিল।—সিহঁতৰ কানিকাপোৰ তেনেই ফটা আৰু মলিয়ন। বেচেৰাহঁত অতি অভাৱগ্ৰস্ত। মই অলপ কিবা দিওঁ বুলি কাষ চাপি গলোঁ, সিহঁতে পলাল,বোধ হয় মোক ভয় কৰিলে। এই চহৰখনত পতিতা, অপহৃতা, জাৰঙ্গ, মগনীয়া এইবোৰৰ সংস্থান কৰিবলৈ মানুহ ওলায় কিন্তু এই অন্নক্লিষ্ট অপগও শিশুবোৰৰ তত্ত্বাৱধান লওঁতা কোনে৷ নাই,—সিহঁতৰ একমাত্ৰ দোষ দুখীয়া মাক বাপেকৰ সিহঁত বৈধ সন্তান! তুমি কলেজলৈ যাবলৈ ওলাইছা বুলি শুনি বৰ সন্তোষ পালোঁ। তুমি যোৱাত তোমালোকৰ ঘৰখনত বিষাদৰ ছাঁ পৰিব জনা কথা। মোৰেই অলপ বেয়া লাগে। মোৰ কিয় আশীৰ্ব্বাদ বিচাৰিছা,—সেইটো বৰং তোমাৰ স্নেহ সনা মহানুভৱতা। যদি অগত্যা নহলে নহয়, — মোৰ সাধনা, আৰাধনা আৰু আদৰ্শৰ যদি কিবা সৌন্দৰ্য আছে সেয়ে যেন তোমাৰ পথ উজ্জ্বল কৰে। ইতি
তোমাৰ —
প্ৰকাশ
২৮