সমললৈ যাওক

পৃষ্ঠা:অলকালৈ চিঠি.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(+) কলিকতা অলকা, তুমি ভালে ভালে আহি গুৱাহাটী পোৱা বুলি শুনি ৰং পালে॥ গুৱাহাটী ধুনীয়া ঠাই। ম‍ই আকৌ নতুনকৈ সৰু হব পৰা হলে কিজানি তোমাৰ লগতে কলেজত পুনৰ নাম লগালোহেঁতেন। ম‍ই তাত যি কেইটা বছৰ পঢ়িছিলো সেয়ে যেন মোৰ জীৱনৰ সোণোৱালী যুগ। স্বৰ্গ আৰু পৃথিবীৰ মাজত সমন্বয় স্থাপন কৰিব পৰা বৃহৎ আকাৰৰ যদি ইন্দ্ৰধনু আছে তাৰ প্ৰত্যেক ৰেণুৰ অপৰিমেয় সৌন্দৰ্য্যৰ লগত মোৰ তেতিয়াৰ ক্ষণবোৰৰ কল্পনা কৰিব পাৰা। আজিও বোধ হয় আগৰ দৰেই সেই বাটঘাট, সেই পাহাৰ পৰ্ব্বত, সেই বিশাল বুকুৰ ব্ৰহ্মপুত্ৰ, তাৰ শিলনিৰ ওপৰত সেই নিৰ্জ্জনতা, দূৰণিত উৰি যোৱা চৰাইৰ গধূলি পৰত সেই মধুৰ আৰাৱ! পুৱাৰ ৰাঙলি আভা যেতিয়া নৱগ্ৰহ আৰু শৰণীয়াৰ মাজেৰে ভুমুকি মাৰে, সেই দৃশ্যটো, বাহ এৰি উৰিব খোজা চৰাইৰ মধুৰ শান্ত আহ্বান, ৰিব ৰিব চেঁচা বতাহ—সকলো আজি মোৰ মনত সজাগ হৈ উঠিছে। মনত পৰে তেতিয়াৰ স্নেহপৰায়ণ অধ্যাপক সকললৈ। তেখেতসকলৰ কিছুমান তেতিয়া নতুন, আজি অৱশ্যে তেখেতসকল প্ৰৌঢ়। তুমি যেতিয়া নিজেই তেখেতসকলক লগ পাবা, মোৰ ধাৰণা আগতে তোমাক নজনালোৱে বা? হ'ষ্টেলত থকাত বাহিৰে যদি উপায় নাই, তাতেই থাকিবা। বহুত