(৭)
কলিকতা
••••••••••••••••
অলকা,
অনুভূতি মিহলাই মোলৈ চিঠি নিদিবা, অৱশ্যে যদি পাৰা। পিনৰ অসুবিধাৰ কথা তোমাক কওঁ। তোমাৰ চিঠি বুলিয়ে মই অলপ ভাবপ্ৰৱন হওঁ যেন পাওঁ, তাতে যদি তুমি এনে মধুৰ নিক্কনত লিখা,স্তব্ধতা মোৰ ভাল লাগি আহে, সেয়ে মোক আকোঁৱালি ধৰে,——মূৰে প্ৰকাশৰ ভাষা বিচাৰি হিয়া ধুনি মৰে। তুমি বোধ হয় মৰম নকৰিবা, তুমি কৈফিয়ৎ বিচাৰিবা — চিঠি নিদিলো কিয়। মই তেতিয়া হলে ক্লাছৰ নোট বুকৰ পৰা নকল কৰি কিবা লিখি দি পঠিয়াম তুমি জানিবা যে মোৰ মুৰে তেতিয়ালৈকে নিজাকৈ ভাবিব পৰা হোৱা নাই। এটা কথা,—আজি কেদিনমানৰ পৰা এটা ৰিঙা সুৰে মোক বৰকৈ ব্যতিব্যস্ত কৰি তুলিছে। ঘটনাটোৰ আভাস তোমাক অলপ দিওঁ।কলিকতাখন এখন বিচিত্ৰ চহৰ। সিদিনাখন আবেলি মই এনেই পাক এটা মাৰোঁ বুলি ওলালোঁ। বাটৰ দাঁতিত চুৱা-চাতি জাবৰ-গোবৰ আদি পেলোৱা এটা বাহ থাকে, তাৰে কাষতে প্ৰায় কুকুৰ কাউৰী এইবোৰ থাকে। মই অন্যমনস্ক ভাবে গৈ আছো হঠাৎ দেখিলো মোৰ কাষতে তেনে এটা আবৰ্জনা পেলোৱা চুঙাৰ কাষতে দুটা সৰু ল'ৰা ছোৱালী ছাট কৰে থিয় হল। মই আগেয়ে কিবা কুকুৰ-
২৭