বোৰৰো প্ৰাণ আছে, ইহঁতৰে| normal needs আছে। বেছি পোহৰ নপৰাত ইহঁতৰ বিষয়ে মানুহে বেছি নাজানে। ইহঁতেই মানুহক উদগাই দিয়ে উঠিবলৈ, — নিজে পৰি ৰয় তলত। ফুলগছ ডালৰ বুঢ়া পাতবোৰ যেনে। তুমি যদি মোক শূইনতে কথা কোৱা যেন পাইছা দুটা এটা উদাহৰণ দিওঁ। মোৰ মনে কিন্তু আজি তোমালোকৰ লগত তোমালোকৰ চেওত কথা কব নোখোজে। আগৰ সম্বন্ধ হুঁ ৱৰি তথাপি চেষ্টা কৰোচোন। বাটলৈ চোৱাচোন—অথিৰ জনস্ৰোত। ঠেলাঠেলি, হেঁচাহেঁচি। কোনে কেনে মহান উদ্দেশ্যলৈ কোন দূৰ লক্ষ্যলৈ যোৱা বুলি ভাবা? ধূলিৰ মানুহ, ধূলিতে আসক্তি। দিনটো জোৰা মাৰি চলাব পাৰিলেই হয়,—এই তেওঁলোকৰ সৰহ ভাগৰে ভাব। সেই জোৰাও মৰি নাহে,— কিমানবোৰ ফাঁট, কিমানবোৰ চেঁচনি। এই যে জোৰা মিলোৱাৰ চেষ্টা সেয়ে তেওঁলোকৰ মাহাত্ম্য, তেওঁলোকৰ জীৱনৰ সকলোখিনি। আকাশলৈ চাই তৰা গণিৰ তেওঁলোকৰ আহৰি নাই, ‘প্ৰিয়া কাষত বহাহি এবাৰ’–বুলিৰ হয়তো ভাষাও শিকা নাই, ‘খালিহি মোক’—এই তেওঁলোকৰ প্ৰীতিৰ বাণী। তেওঁলোকে কাউৰীৰ দৰে মাতে, কিন্তু প্ৰাণৰ কথাকে কয়। ইমান দিনে যি চকুলো সম্বৰণ কৰিছিলো আজি নকৰে।। যদি মোৰ হিয়াই কান্দে কান্দ’ক, তাৰ অতীতটো এবাৰলৈ ধুৱাই পেলাওক। সি বিলাস ভ্ৰমণ এৰি ইবেলি মাটিত নামক। যদি মোৰ কল্পনাতো কৰবাত কিবা “বাবুগিৰি” আছে, আভিজাত্যৰ ডাঙ্কোপ আছে, ১৫১
পৃষ্ঠা:অলকালৈ চিঠি.pdf/১৪৫
অৱয়ব