ৰাতিপুৱা টোপনি যেতিয়া ভাগে, — আগৰ দৰে একেটা জাপতে বিছনাৰ পৰা মাটি নাপাওঁহি। গৈয়ে ঘট্কৰে দুৱাৰ মেলি এসোপা চেঁচা বতাহ ঘৰৰ ভিতৰলৈ সুমাই দিবলৈ এতিয়া ভাল নালাগে। নিহালিৰো যেন মোলৈ এটা আহ্বান আছে। স্বৰ্গৰ পৰা পৰি আঘাত পোৱা বিভুদ্ৰোহী ছয়তান যেন মই। মোৰ মনত মিলটন বৰ্ণিত সেই ক্ষোভ যেন এতিয়াও জগা নাই! অথবা মই নিৰ্জীব কাঠ এডোখৰ। খিৰিকিৰ কাষত ফুলি থকা ফুলৰ ঠাৰিয়ে খিৰিকিৰ কাচত খুন্দিয়ায়, মই চকু মেলি আকৌ মুদো, পুৱাৰ ৰ'দে আহি খিৰিকিৰে ভুমুকি মাৰে,— কোন তুমি বুলি এবাৰ চাওঁ, — অলপ লাজ পাওঁ। চৰাইবোৰে মাতে, মই নুশুনিবলৈ চেষ্টা কৰা। কাউৰীয়ে মাতে,—ইবেলি মই প্ৰাণত নতুন চেতনা পাওঁ। ইমান দিনে কাউৰীৰ মাতটোক কেল-কেলনি আখ্যা দিছিলো, কোনো দিন ভাল পাবলৈ চেষ্টা কৰা নাছিলো, সেইবাবে। আজিহে বুজিলো আনবোৰ চৰাইৰ যেনেকৈ কথা কোৱাৰ বা আনন্দ প্ৰকাশৰ অধিকাৰ আছে, কাউৰীৰো আছে, মই ইমানদিনে তাইক অবজ্ঞা কৰিছিলো। তোমালোকৰ গতানুগতিক বাটেৰে গৈ কুলিক পূজা কৰিছিলো, কেতেকীক শ্ৰদ্ধা কৰিছিলো, হেতুলুকাক আগ্ৰহ কৰিছিলো। “কাউৰী! মাত, আৰু মাত, আৰু মাত”—মোৰ যেন ক্ষুণ্ণ মনে কলে। “তোৰে মোৰে হে জগতত যোগ”—এই বুলি কৈ মই বিছনা এৰিলো। এটা অজান গুহা, এখন অপৰিচিত দেশ। ইয়ালৈও সূৰুযৰ প্ৰবেশ পশে। মই ডাঁটে বৰ্ণিত নৰকত সোমোৱাহি নাই—এইখন অবহেলিত জগত।— ইয়াৰ প্ৰাণী- ১৫০
পৃষ্ঠা:অলকালৈ চিঠি.pdf/১৪৪
অৱয়ব