দেউতাকে গহীনাই কলে—“যা, বেগাই আন গৈ। পিতলৰ গিলাছত আনিবি।” এই বেলি মোৰ অসহা হল। কিয় মই পিয়লাতো চাহ খাব নোৱাৰোঁ নে? চিনা মাটিৰ পিয়লা এটা মই চাহ খালে বেয়া হব? নে এওঁৰ অৱস্থা স্বচ্ছল, চহৰত পাকী ঘৰ আছে, ৰজাৰ বিষয় যায়—সেয়ে ৰূপৰ টাত তামোল খাব পাৰে, বিদেশী পিয়লাত চাহ খাব পাৰে আৰু মই তপতে তপতে তিনিবাৰ হাঃ হুঃ কৰি এওঁৰ আগত পিতলৰ গিলাচত চাহ খাব লাগিব? আৰু নহলে, একে বেলিয়ে চেঁচা পানী যেন চাহ আনিব। দ্বিতীয় ট্ৰেত ভৰাই মোলৈ নিশ্চয় গিলাচটো নানে। মই কলো— “মই চাহ নাখাওঁ,” “খোৱা, আনক ৰবা”—এই বুলি কৈ তেওঁ চাহত হোপা দিলে। মই গুচি আহিলো, — 'এওঁৰ ঘৰলৈ আৰু কোনো দিন নাহেঁ।'— মনতে ভাবিলো। কেতিয়াবা বাটত দেখিলে ভদ্ৰলোকজনে কয়—“তোমাক চোন দেখিবৰে নাই।” মই কব পৰা হলে কলো হয়—“মোক জানো দেখাৰ কিবা আৱশ্যক আছে?” সেইটো ঘৰ কাৰ নিশ্চয় কব নোৱাৰা, অনুমানো কৰিব নোৱাৰা। ভদ্ৰলোকজন আছিল অৰুণাৰ দেউতাক, ছোৱালীজনী আছিল অৰুণা। অৰুণাৰ পাণিপ্ৰাৰ্থী হৈ তেওঁৰ তালৈ যাবলৈ কৈছা, নহয় জানো? আৰু মই গলেই সিদিনৰ কথা নকলে মোৰ প্ৰাণটো বৰ অশান্তিত থাকিব। অৰুণাই মোক তেতিয়া চিনা নাছিল, এই ঘটনাৰ কথাটোও তেওঁক মই কোৱা নাই। অৰুণাক ভাল পাব পাৰোঁ, কিন্তু তেওঁৰ দেউতাকক মই ক্ষমা কৰিব পৰা নাই। অৰুণা ঘৈণী হৈ অহাৰ প্ৰথম দিনতে মোৰ এই বুৰঞ্জীখিনি নকৈ মই নোৱাৰিম আৰু 588
পৃষ্ঠা:অলকালৈ চিঠি.pdf/১৩৮
অৱয়ব