সমললৈ যাওক

পৃষ্ঠা:অলকালৈ চিঠি.pdf/১৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তেওঁক চিৰদিনলৈ অসুখীয়া কৰিম। অৰুণাৰ দেউতাকৰ জীয়েকৰ লগত মোৰো কোনো দিন বিয়া নহয়, তুমি নাভাবিবা। অৰুণাক এই কথাষাৰ যেন ঘূনাক্ষৰেও জানিবলৈ নিদিবা। ম‍ই মৰিলে তোমাৰ হাততে মৰিবলৈকে সন্তোষ পাম, সেই কাৰণে মোৰ সকলো অস্ত্ৰ তোমাক চিনাই দিছো। যদি সম্ভৱ হয় ক্ষিতীনৰ লগত তোমাৰ বিয়া হলে মই সন্তোষ পাম। তুমি বিয়া নোসোমোৱাকৈ থাকিলে মই দুখ পাম। ম‍ই আৰু দুই এগৰাকী সম্ভ্ৰান্ত ছোৱালী দেখিছো যি সকলৰ বিয়া হলে এটা সুখী পৰিয়ালৰ মাক বা গৃহিণী হব পাৰিলেহেঁতেন, কিন্তু এই সামাজিক অনুষ্ঠানৰ অভাৱতে তেখেতসকলৰ মাতৃত্ব আৰু পত্নীত্ব বাহিৰৰ পৰা দেখিবলৈ তেনেই শ্ৰীহীন হৈ আহিছে, তাৰ ভবিষ্যত আশাও যেন লেবেলি গৈছে। তোমালোকৰ নিৰ্জীৱ সমাজক আঘাত কৰিবৰ মন যায় সেই দেখি। ই পৌত্তলিকতা বুজে, প্ৰাণৰ স্পন্দন মুবুজে। ইতি ১৪৫ তোমাৰ— প্ৰকাশ