হুৰূপ নহওঁ, তেতিয়া আৰু কুৰূপ আছিলো। মোৰ হাড়ছাল ওলোৱা দেহটো ঢাকিছিল—অনাড়ম্বৰ এটা চোলাই, মূৰত এতিয়াৰ পালিছ নাছিল। কিবা কামত গলো এজন ভদ্ৰলোকৰ ওচৰলৈ। বহিলো কথা বতৰা হলো। এখন টেবিলৰ ওচৰতে তেখেতে বহিছিল হেলনীয়া চকিত, মই বহিছিলো এটা মুঢ়াত। তেওঁ তামোল খালে, মোক বঁচা নাই—মোৰ খোৱাৰ অধিকাৰো নাই। সেই দিনত ৰূপৰ বটাৰ প্ৰচলন আছিল। ৰূপৰ বটাৰ পৰা নিজহাতে তামোল আনিবলৈ মই সঙ্কোচ কৰিছিলো। কথাৰ মাজে মাজে ভদ্ৰলোকজনে হাঁহিছিল, হঁহাৰ অধিকাৰ মই পোৱা নাছিলো, —মই তেতিয়া ল'ৰা। মই অৱশ্যে তেওঁৰ কথাত ভালেখিনি মৃদু হৈছিলো। এনেতে এজনী ছোৱালী আহিল চাহ লৈ। ভদ্ৰলোকজনৰে ছোৱালী। তেতিয়া ছোৱালীজনৰ “বয়ঃ সন্ধি”—কবি বিদ্যাপতিৰ ভাষাত। মই চাওঁতেই ছোৱালীজনী থমকি ৰল। তেওঁও হঠাৎ মোক দেখি অলপ অসুবিধা পোৱা যেন দেখিলো। আমি ইয়াৰ আগেয়ে কাকে। কেৱে দেখা নাছিলো। কেনেকৈ চালে জানো চকুজুৰিৰে, এটা কিবা চোৱাৰ বিশেষ ভঙ্গি। ( এটা ক্ষণৰ কথাকে মই মোৰ বুজোৱা শক্তিৰ অভাৱত অলপ দীঘলকৈ কব লগীয়াত পৰিছো।) তাৰ পিছতে অৱশ্যে সাধাৰণ লাজকুৰীয়া অৱস্থাত দেখা গল। দেউতাকে দাবি মাৰি কলে—“ট্ৰেখনত এপিয়লা চাহ আনিছ কেলেই, দেখা নাই মানুহ আছে?” ছোৱালীজনীয়ে বিমোৰত পৰি মাজতে মজিয়াতে চাহ থৈ যাব খুজিছিল, পিছত হে নিজক চম্ভালি কোনোমতে আমাৰ দুয়োৰে কাষৰ টেবিলখনত থলে। - ১৪৩
পৃষ্ঠা:অলকালৈ চিঠি.pdf/১৩৭
অৱয়ব