সমললৈ যাওক

পৃষ্ঠা:অলকালৈ চিঠি.pdf/১৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( 8 ) - ছিলঙ অনকা, সঁচা,—মোৰ ভিতৰত এই কপট মানুহজনক মই আগতে লগ পোৱা নাছিলো, পাইছিলো যদিও চিনা নাছিলো। চিনি পোৱাৰ পিছতো সাহ কৰি তোমালোকক চিনাব পৰা নাছিলো। তুমি যেতিয়া কৈছা চিনিছা, যি খিনি নিচিনা আছে তাকে। তোমাৰ লগত পৰিচয় কৰি দিয়া উচিত হব। তুমি মোৰ আটাইখিনি কথা নাজানা,—তুমি কিয় কোনোৱে নাজানে। তুমি জানা ফুৰিবলৈ যোৱা এটা মেডিকেল কলেজত পঢ়া লৰাক, বৃত্তি পোৱা, তথাকথিত বুদ্ধিৱান। মই চিনিলো — ‘তুমি এজনী মৰমলগা ছোৱালী’, ‘যেই সেই অন্তৰৰ পক্ষে উজ্জ্বল চাকি'। আমাৰ দুয়োৰে সম্বন্ধৰ কথা কোৱা মোৰ উদ্দেশ্য নহয়। আগৰ কথা। মোৰ আৰ্থিক অৱস্থা অত্যন্ত হীন আছিল। মই দেখিবলৈ এতিয়া যেন ১৪