সমললৈ যাওক

পৃষ্ঠা:অলকালৈ চিঠি.pdf/১৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( 88 ) ছিলঙ অলকা, ছিলঙীয়া জীৱনৰ ঘাই বিষয় এটালৈ বোধ হয় কোনো দিনে তোমাৰ মন আকৰ্ষণ কৰা হোৱ৷ নাই,—সেইটো হৈছে ঘোৰ-দৌৰ বা জনপ্ৰিয় কথাত—“ৰেছ”। ৰেছৰ দিনাখন মানুহে দুপৰীয়াৰ পৰাই ৰেছফিল্ডলৈ ধাৰ ধৰে। মোৰ ডাক্তৰখানাৰ কাষৰ উইপিং উইলে| এডালৰ কাষেদি এই জনস্ৰোত মই কেতিয়াবা চাই থাকোঁ। যোৱাতকৈও অহাৰ সময়ত মানুহৰ ঠেলাহেঁচা বেছি। এই মানুহবোৰে প্ৰায় সদায় উত্তেজিত সুৰত কথা কয়,—কিছুমান অৱশ্যে মৌন। এওঁলোকে প্ৰত্যেকেই আশা কৰে যে নিজৰ মেধা খটুৱাই কিছু টকা কম বা বিনা পৰিশ্ৰমে উপাৰ্জ্জন কৰিব—কিন্তু বেছি ভাগেই জ্ঞানী হৈ ওভটে— অৰ্থাৎ প্ৰায় অনুমান কৰে যে সেইটো মিছা, — অৱশ্যে পিছৰ ৰেছৰ ১৩৭