বাহিৰলৈ আহি চাইছে৷, জোনাক। এই অসীমৰ পৰা কোনে মাতে? - চেঁচা বতাহ, কিন্তু আকাশ মুকলি। অনন্তৰ সেই আহ্বান এনে মিঠা লাগে কিয়? পৃথিবীৰ সৰু এই জীৱনখিনি হেলাৰঙে এৰি যাই এটা নিৰ্ব্বিকল্প সমাধিত নিজক নিমজ্জিত কৰিবলৈ কোনে এনে মধুস্ৰাবী -কণ্ঠত মাতে? কাৰ সেই হুৰ, কাৰ সেই ইঙ্গিত? সাদী,—তোমাৰ? স্বাৰ্থৰ আকাঙ্ক্ষাৰে কোনো দিন মোক বান্ধিবলৈ নিবিচাৰিলা, “মোৰ কথা শুনক' বুলি এদিনলৈকে মোক নিস্তব্ধ কৰিবলৈ ইচ্ছা নকৰিলা, — আজি বাহিৰৰ এই বিপুল আহ্বান জানো তোমাৰ সৃষ্টি? সৌন্দৰ্য্যৰ প্ৰতি স্তৰে স্তৰে মোৰ পৰিচিত সঙ্কেতবোৰ কোনে সজাই থৈছে? সৃষ্টিৰ আদিম অৱস্থাত তুমি ক'ত আছিলা, সাগৰ মন্থনত তুমিয়ে উঠিছিলা নেকি? পুৰুষৰ মনৰ পৰিধি নিচেই ঠেক, সেয়ে বোধ হয় বিশ্ব প্ৰকৃতিয়ে কয়—“এবাৰ মোলৈ চোৱা, তেতিয়াহে সৌন্দৰ্য্যৰ আভাস পাবা।” ওপৰত আকাশ, পৃথিবীত তুমি, এই দুটাত বাহিৰে একোকে ভাবিব পৰা নাই। আকাশলৈ বহুত চালোঁ নিৰুত্তৰ হৈ,—তোমাৰ কথাও ভাবিছিলো তেনে তন্ময়তাৰে সৈতে। অলপতে পূৰত ধলফাঁট দিব, দিন আহিব তাৰ অপূৰ্ব্ব তেজেৰে, —উজাগৰে কটোৱা ৰাতিৰ মোৰ সঞ্চিত কোমলতাখিনি যদি ক’তবাত মৰহি যায়, অসহ্য হব। সেয়ে তোমালৈ তাৰ আভাস দিলো। প্ৰীতিৰ কণিকাৰে সৈতে। ইতি তোমাৰ প্ৰকাশ ১৩৬
পৃষ্ঠা:অলকালৈ চিঠি.pdf/১৩০
অৱয়ব