দিনলৈ সেই চৈতন্য প্ৰায় লোপ পাই যায়, নিজৰ ওপৰত নতুনকৈ আস্থা স্থাপন কৰে। কেতিয়াবা মই ভাবোঁ যে মানুহবোৰে ৰেছৰ নামত এনে বলিয়া নহৈ যদি জাতীয়তাৰ নামত হল হয়, যদি স্বাধীনতাৰ নামত হল হয়। —কিন্তু প্ৰবোধ দিওঁ এই বুলি ফে স্বাৰ্থৰ গোন্ধ নাথাকিলে মানুহবোৰ এনে উদ্যম আন একোত নাপায়,—সমাজ বোলা, দেশ বোলা এইবোৰ বহুত কথাই মানুহক নিজৰ স্বাৰ্থৰ দৰে তেনেকৈ উদগনি নোযোগায়। ৰেছ-খেলুৱাই সকল এটা বিশেষত্ব এই যে তেওঁলোকে যেতিয়া হাৰে দুষিবলৈ প্ৰায় সদায় এটা তৃতীয় ব্যক্তি পায়। আমি যিবোৰে ধৰা ৰেছ-কোছলৈ জুৱা খেলিবলৈ নাযাওঁ,— জীৱনৰ অইনবোৰ ক্ষেত্ৰত আমিও ৰেছ খেলোঁ নেকি? আমাৰ ইপ্সিত কথাবোৰ যেতিয়া হব বুলি ভাবো তেতিয়াও টিকট কিনা মানুহৰ দৰে আশান্বিত হৈ নাথাকো নে? এই ঘোৰ দৌৰৰ আমি ভবাতকৈ আৰু কিমান ধৰণে কামবোৰ হব পাৰে, — আমি যিটো ভবা নাই বা ভাবিবলৈ টান পাওঁ ঘটনা চক্ৰত ঠিক সেয়ে হব পাৰে। আমিও বোধ হয় বহুত সময়ত এইবোৰৰ বাবে লোকক দোষোঁ। জীৱনটোকে ঘেঁৰি-দৌৰ নোবোলা নে? ৰেছত বেয়া ঘোৰাই কেতিয়াবা জিকি যায় আৰু ভাল ঘোঁৰা পিছ পৰে। তুমি আমি দেখাত তেনেকৈ বহুত অপদাৰ্থ মানুহে ওখ পদ সম্মান পোৱা নাই নে আৰু বহুত যোগ্যতৰ মানুহ হেঁচাটেপা খাই অন্ধকাৰত অস্পষ্ট হৈ থকা নাই নে? হ্যায়-অন্যায়, ভবিতব্য-অভবিতব্য ধৰা বৰ টান। পৃথিবীত 1925
পৃষ্ঠা:অলকালৈ চিঠি.pdf/১৩২
অৱয়ব