( 80 ) ছিলঙ অলকা, আজি যদি কওঁ 'প্ৰাণাধিকা অলকা', ক্ষমা কৰিবা। নাটকীয় ভঙ্গিৰ বাবে তোমাক এনেকৈ সম্বোধন কৰিব খোজা নাই, এটা অবাস্তৱতাক সজীৱতাৰ আভৰণ দিবলৈ এনেকৈ মাতিব খোজা নাই। ভাষাই কিমান দূৰলৈকে মানুহক মনৰ কথা বুজাবলৈ সহায় কৰিব পাৰে? আজি এই নিশাৰ নিস্তব্ধতাত মোৰ প্ৰাণে কালৈ আন্দোলি উঠিছে? মোৰ বাবে কোনে সাৰ পাই আছে? কাৰ অন্তৰত মোৰ কথা জাগে? টোপনি ছাটু কৰে চকুৰ পৰা যোৱাৰ লগে লগে কাৰ কথা মোৰ মনত পৰিছে? যদি এটা প্ৰেৰণা অনুভৱ নকৰিলো হয়, যদি প্ৰাণৰ সাধৰ্ম্ম্য অনুভৱ নকৰিলো হয়, মিঠা কথাৰে ছোৱালীক ভুলাবলৈ এই কথাৰ জাল নতৰিলো হয়। জানো,— তুমি পছমৰ দৰে নিৰ্ম্মল, ফটিকৰ দৰে স্বচ্ছ, আইৰ দৰে মহান, – সেয়ে আজি মোৰ ব্যথিত মন তোমাৰ কাষলৈ লৰি যায়। যদি শুই আছা উঠা, যদি সাৰ পাই আছা, মোক সান্ত্বনা দিয়া, যদি তুমিও চঞ্চল হৈ আছা, এবাৰ জিৰাই লোৱা। মোৰ চকুৰ পৰা এবেলি টোপনি গলে আৰু নাহে। মই ১৩৫
পৃষ্ঠা:অলকালৈ চিঠি.pdf/১২৯
অৱয়ব