ভাবি থকা বুলি লিখা হলে কাল্পনিক প্ৰিয়াই ভাল পালে হয়। মই কেইটানান কবিতাৰ শাৰী উৰাই ঘূৰাই পঢ়ি আছিলা। ৰবি ঠাকুৰৰ লিখা— .......নহে ভোগ, নহে খেলা— এ জীৱন, নহে ইহা কালস্ৰোতে ভাসাইতে ভেলা খেয়ালেৰ পাল তুলে। আপনাৰে দীপ কৰে জ্বালো দুৰ্গম সংসাৰ পথে অন্ধকাৰে দিতে হবে আলো, সত্য লক্ষ্যে যেতে হবে অসত্যেৰ বিঘ্ন কৰি দূৰ, জীৱনেৰ বীণা তন্ত্ৰে বেসুৰে আনিতে হবে সুৰ, দুঃথেৰে স্বীকাৰ কৰি। ......... আৰু ভাবিছিলো তুমি দিয়া দুখবোৰৰ কথা, তোমাক দিয়া ব্যথা বোৰৰ কথা। যদি সেই দুখে আমাৰ জীৱনত স্থৰ দিয়ে, তেনেহলে বোধ হয় এই কষ্টবোৰৰো মূল্য আছে। মনত পৰিছিল কবি মিলটনৰ কথা। অন্ধ বেচেৰা, জ্ঞানৰ আলোকত বাহ্য দৃষ্টি হীন। প্ৰাণত কি ব্যথা! মনত পৰিছিল ছেণীৰ কথা। জগত-জোৰা কি প্ৰেমৰ আদৰ্শ বিচাৰি কেনে কষ্ট, অনাটন, সামাজিক নিৰ্য্যাতনৰ মাজেৰে অকালতে জীৱন পাত কৰিলে? মনত পৰিছিল সৰু দ্বীপ এটাত আবদ্ধ থকা — একালত বিশাল সাম্ৰাজ্যৰ অধীশ্বৰ বীৰ নেপোলিয়ানক। মনত পৰি- ছিল বন্ধুৰ দ্বাৰা আহত হোৱা বিশাল বিক্ৰমী জুলিয়াছ চিজাৰক। সৃষ্ট চৰিত্ৰৰ ভিতৰত মনত পৰিছিল— নিৰ্দোষত নিৰ্যাতিতা বাল্মিকীৰ আশ্ৰমৰ অনাথ বালক দুটাৰে সৈতে সীতাক, গন্ধৰ্ব্বলোকত প্ৰবাস ১২৫
পৃষ্ঠা:অলকালৈ চিঠি.pdf/১১৯
অৱয়ব