সমললৈ যাওক

পৃষ্ঠা:অলকালৈ চিঠি.pdf/১১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( 80 ) ছিলঙ অলকা, তোমালৈ চিঠি লিখাৰ কথা ভাবিছিলো। তোমালৈ লিখিবলৈ মোৰ কোনো দিনে বিষয়ৰ অভাৱ নহয়। তোমাৰ চিঠি নোপোৱা হলে বোধ হয় লিখাত আৰু দুদিন পলম হল হয়। কিহে টানে? কি মায়া কোৱাচোন? তোমালৈ আৰু নিলিখোঁ বুলি বোধ হয় আগতে লিখিছিলো— তেতিয়া ধাৰণা হৈছিল যে মোৰ মনৰ সেয়ে প্ৰকৃত ৰূপ। এতিয়া স্পষ্টকৈ অনুমান হৈছে যে সেইটে৷ প্ৰক্ষিপ্ত ৰূপ আছিল। মোৰ মনৰ ভিতৰত ম‍ই নজনাকৈয়ে অতবোৰ elements থাকে যে ভাবিলে বিচূৰ্ত্তি হওঁ। যিটোক impulse বোলে সেইটোৰ কেনেকৈ সৃষ্টি হয়? শৰীৰতত্ত্বৰ মোৰ যি জ্ঞান সি বেছি সূক্ষ্ম বিচাৰত মোক সহায় নকৰে। তুমি যদি তোমাৰ জ্ঞান আৰু অভিজ্ঞতাৰে সহায় কৰা, মই কৃতাৰ্থ হম। তুমি সুধিছা, মোৰ অতি প্ৰীতিৰঞ্জককৈ সুধিছা—“মোৰ এই চিঠি পোৱা সময়ত আপুনি কি ভাবি আছে লিখিবচোন।” তেওঁৰে কথা 128