খটা অপমানিতা শকুন্তলাক। এওঁলোকৰ এই কষ্ট:বাৰে জীৱনত সুৰ দিছিল নে,—বোধ হয় দিছিল। - চাকি যেতিয়া ঘুমাওঁ ঘুমাওঁ কৰে, — পৃথিবীৰ কি আকৰ্ষণ তাক জ্বলাই ৰাখিবলৈ! চাকিৰ পোহৰথিনি কলৈ যায়? মানুহ যেতিয়া মৰে। মৰে। হয় কি চেষ্টা এবাৰলৈ পুনৰ সজীৱ হবলৈ? নোৱাৰে। এই উামভৰা প্ৰাণটো কলৈ যায়? ইও জানো সেই বন্দী নেপোলিয়ন, সিন্ধু-নিমজ্জিত ছেণী, অথবা পাতালৰ গৰ্ভত শাস্তি বিচৰা সীতা? এওঁলোকে পুনৰ মুঠিৰ নেকি ধৰা সুখময় কৰিবলৈ, জগতক বুজাবলৈ যে এওঁলোকৰ কষ্টৰ ফল ধৰিছে? যদি নুঠে, দুঃখ কষ্টৰ মাজেৰে পাৰ হৈ হঠাৎ এদিন অদৃশ্য হোৱা জীৱনে জগতত নতুন পোহৰ দিব পাৰে নে? তথাপি কিয় জানে। মনত খেলে, বাৰে বাৰে,— “আপনাৰে দীপ কৰে জ্বালো।” মোৰ কথাৰ ওৰ পৰি আহিল। এতিয়াৰ পৰা আৰু তুমি কৰা। আন কথা নাপালে তোমাৰ বিষয় কবা, তোমাৰ মনত যি খেলে তাকে কবা। তুমি নতুনকৈ তাঁত পাতি লৈছ৷ শুনি সন্তোষ পালোঁ। তোমাৰ বিয়াৰ কাপোৰ কেইখন তুমি নিজে বই উলিওৱা বুলি শুনিলে আৰু সন্তোষ পাম। অসমীয়া সমাজৰ পৰা খনীয়া কাপোৰ উঠিলেই, নহয় জানো? ভৰটো নেদেখা হলে তেনেই অসমীয়াৰ চিন মৰিব। সেই হিচাপে ছিলঙখন অসমৰ বাহিৰ। প্ৰীতিৰে সৈতে। ইতি ১২৬ তোমাৰ— প্ৰকাশ
পৃষ্ঠা:অলকালৈ চিঠি.pdf/১২০
অৱয়ব