সমললৈ যাওক

পৃষ্ঠা:অলকালৈ চিঠি.pdf/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আকাৰৰ মানুহটোক স্থিৰকৈ ৰাখিবলৈ একো নাই বুলি ভাবা নে ‘স্পিৰিট’টোহে মানুহ, আকাৰটো এটা ঢাকনি মাত্ৰ আৰু এই দুয়োটাৰে সমন্বয় থাকে মানুহটোৰ জীৱনত। তুমি এইবোৰ কথা মোতকৈ বোধ হয় বেছি জানা। যদি অকল প্ৰবৃত্তিটোৱে গোটেই মানুহটোক ফলিয়ায়, তেনেহলে ইয়াৰ সংযম বিহোভাজনক ক’ত বিচাৰি পোৱা? তোমাৰ লগত এইবোৰ ভৰ্ক কৰাৰ ধৃষ্টতা মোৰ নাই। মই জানো মোৰ হেঁঠিস্কোপ, পেটৰ ভাত কেইটা আৰু ধোৱাৰ দৰে উৰি ফুৰা ভাব কিছুমান। যি অনুভৱ কৰিছিলো ইমান দিনে তাকেই তোমালৈ ভাষা দি লিখিবলৈ চেষ্টা কৰিছিলো, আজি নহয় তাৰ শেষ, — এতিয়া নহয় বাটৰ ধূলিক কম, ইমানেহে। দুখী হৈ থাকা যেন। ইতি তোমাৰ— প্ৰকাশ ১২৩