( ৩৯ ) ছিলঙ অলকা, আজি তোমাক এটা বিশেষণেৰে ভূষিত কৰাৰ ইচ্ছা আছিল, সামৰিলো। তুমি ক্বতিত্বেৰে পাছ কৰা শুনি সন্তোষ পালো। তোমাৰ চিঠিখন পঢ়ি মই মনত দুখ পাইছো,—ইচ্ছা আছিল তোমাক সোধোঁ ইয়াৰ পিছত তুমি আৰু কলেজত পঢ়িবা নে কি কৰিবা। সুধিবলৈ মোৰ আগ্ৰহ নোহোৱা হৈছে। তোমাৰ পৰা মই বিচ্ছিন্ন বোধ কৰিছো। অভিমানত নহয়, অভিজ্ঞতাত। পৰস্পৰে পৰস্পৰৰ সংযোগভ যদি নাবাঢ়োঁ, যদি দুই আৰু দুই যোগ দিলে দুই বা তিনিহে হয়, তেনেহলে নিজে নিজে বিহিত ব্যৱস্থা কৰা উচিত হব। মই অৰুণাৰ কাষত বহি অৰুণাৰ যি সৌন্দৰ্য্য দেখিলো তাকে তোমালৈ লিখিলো —তুমি লিখিছা,—“ তেতিয়া আপোনাৰ ব্যৱসায়ৰ নীতি ক’ত এৰিছিল?” এৰা নাছিলো, মোৰ লগতে আছিল। মই তেওঁৰ আচলত মোৰ চকুলো মচা নাছিলো, মই কমাল উলিয়াই মোৰ চকু মুখ মোহৰা নাই। অৰুণা অনাত্মীয়া নহৈ যদি মোৰ পেহী হল হয়, অথবা ভনী হল হয়—মই সেই সৌন্দৰ্য্যৰ এতিলো কম নেদেখিলো হয়। অকল বাহিৰৰ তেজ মঙ্গহেই মানুহ নে? যদি গছ এডালক ঠিক ঠাইত ৰাখিবলৈ শিপা থাকে, ফুল এপাহৰ ঠুন থাকে,—এই বৃহৎ
পৃষ্ঠা:অলকালৈ চিঠি.pdf/১১৬
অৱয়ব