আমাৰ ইয়াত ৰাজ্যৰ ভড়ালৰ পৰাই নোপোহে,— আৰু ধৰা যদি এনে দিন আহে যে ৰাজ্যৰ ভড়ালৰ পৰাই এই ল'ৰা-ছোৱালীবোৰক পুহিব —তেতিয়া আমি সুথী হম নে? মাকবোৰৰ মন এই ল'ৰা-ছোৱালীবোৰৰ সুখ দুখৰ বাবে সদায় চিন্তাকুল হৈ নাথাকিব নে? পোহনীয়া কুকুৰটোক সাবটি ধৰি অথবা নতুন গিৰিয়েকৰ কান্ধেৰে হাতখন পেলাই অতীতৰ স্মৃতি মনৰ পৰা মোহাৰি পেলাব পাৰিব নে? আৰু বাপেক বোৰে চোলাৰ গেৰাণত কৃত্ৰিম ফুল বা ঢেকীয়া গুঁজি এদিন কোলাই বোকাই লৈ ডাঙৰ কৰা ল'ৰা-ছোৱালীৰ কথা পাহৰি নিজৰ গোঁফত তাও দি বা চুৰট হুপিয়ে সন্তুষ্ট থাকিব পাৰিবনে? অনুষ্ঠানটো নপতাকৈ আপুনি ভাল বেয়া কেনকৈ বুজিব,—এনে এটা প্ৰশ্ন হব পাৰে। আমাৰ জীৱনত আমি পিতা-আই, খুৰী-পেহী এইবোৰৰ সৰু সক একোটা কথা, সৰু সৰু মৰমৰ চানেকীয়ে আমাক দুৰ্ব্বল মুহূৰ্ত্তত আশ্বাস নিদিয়ে নে? তুমি আশা কৰানে যে ৰাজহুৱা স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী বা চাকৰ চাৰাণীয়ে এওঁলোকৰ ঠাই জীৱনত পূৰাব পাৰিব? তোমাৰ অসুখৰ সময়ত তোমাৰ কপালৰ তাপ মাৰাই যেনেকৈ গালেৰে অনুভৱ কৰে—ভাবা নে আৰু কোনোবাই কৰিব? কৰিলেও তুমি সমানে শান্তি পাবা নে? মই সেই কাৰণে স্থায়ী বিয়াৰ পক্ষপাতী। মানুহে বিয়া কৰোৱা নকৰোৱা সেইটো সুকীয়া কথা। এই কথাবোৰ মই মতামতৰ ফালৰ পৰাহে লিখিছো,—তুমি যদি মোক কিবা নতুন আভাস দিব পাৰা মই অৱশ্যে কৃতজ্ঞ হম। ইতি তোমাৰ - প্ৰকাশ ১২১
পৃষ্ঠা:অলকালৈ চিঠি.pdf/১১৫
অৱয়ব