-নহয়, কাল।” তেওঁ যোৱাৰ আগতে বোধ হয় মই আৰু দেখা কৰিব নোৱাৰিম,—এয়ে মোৰ দুৰ্ব্বলতা | আজি ইমান দিনে তলপৰি থকা বিয়াৰ চিন্ত৷ মোৰ মনত সজাগ হৈছে। বিয়া কৰালে কিজানি এইবোৰ দুৰ্ব্বলতা নাথাকে। মই এই বিষয়ে একো নাজানো,—তুমি যে কিবা বিশেষ জানা তেনেও মোৰ -ধাৰণা নহয়। তথাপি মানুহে কয় যে ছোৱালীবোৰ precautious, তেওঁলোকে ল'ৰা বা ডেকাতকৈ বেছি বুজে। কিন্তু আমাৰ ইয়াত, অৰ্থাৎ য'ত ছোৱালীৰ মতৰ স্বাধীনতা নাই, ভাত ছোৱালীবোৰে বুজিবলৈ ক'ত সুযোগ পালে? আৰু যি দেশত ছোৱালীৰ দৰা বাচনিৰ “স্বাধীনতা আছে—তেওঁলোকৰ বৈবাহিক জীৱনৰ বুৰঞ্জীয়ে বা তেওঁ- লোকৰ জ্ঞানৰ ক'ত পৰিচয় দিয়ে! মোৰ এজন বন্ধুৱে কৈছিল যে marriage is a compromise অৰ্থাৎ পতি পত্নীৰ দুখ দুখ মিলাই অলপ এৰাধৰাকৈ চলিলেই বৈবাহিক জীৱন চলে। বোধ হয় কথাষাৰ সঁচা, অবিবাহিতবোৰৰ পক্ষে কথাষাৰ বৰ unpoetic যেন লাগে। অকল unpoeticয়েই নহয় unimaginative যেনও লাগে। যদি conventionality ভাগি যায়, যদি আপোন ইচ্ছামতে বিয়া কৰাব পাৰা, যিমান দিন ইচ্ছা তিমান দিনহে পতি-পত্নী হিচাপে থাকিবা তাৰ পিছত স্বাধীনভাৱে চলিব পাৰিবা, ৰুচিয়াত যেনে হৈছে, আমেৰিকাৰ অভিজ্ঞ বিচাৰক জজ লিওছে যেনেকৈ কয়—যে পৰীক্ষা সাপেক্ষ বিয়া ( trial marriages) হোৱা ভাল,—তাত আমি সুখী হুম নে? এই অস্থায়ী বিয়াবোৰৰ পৰা হোৱা ল'ৰা-ছোৱালীবোৰৰ অৱস্থা কি হব?
পৃষ্ঠা:অলকালৈ চিঠি.pdf/১১৪
অৱয়ব