ShellElie আবেশ, বুকৰ সামান্ত উঠানমা, গাটোত ক্লান্তিৰ পাতল ওৰণি, মনটো স্থিৰ আৰু প্ৰফুল্ল, অন্তৰত শান্তিৰ উজ্জ্বলতা,—তেওঁৰ ছবিটো দেখি ধাৰণা হৈছিল যেন বিশ্ব ব্ৰহ্মাণ্ডৰ লগত জড়িত এটা সুখৰ সপোনত তেওঁ আপোন পাহৰা হৈছিল, — মই চাই আছিলো, চাই মুগ্ধ হলো! তেতিয়াহে প্ৰথম বাৰলৈ দেখিলে৷ তিৰোতাৰ সৌন্দৰ্য্য অপৰূপ। এই ৰূপ, এই কান্তি, এই আবেশ তোমালোকৰ নিজস্ব! - ইয়াৰ বহুৱা মানুহ। কামলৈ মনত পৰিল। উঠিব খুজিলোঁ। অৰুণাই তেওঁৰ হাতখনেৰে মোৰ হাতখন হেঁচি ধৰিলে, — কলে— “চাহ নোখোৱা- কৈ কলৈ যায়?” মই হঠাৎ কলো— “চাহৰ কথা পাহৰিছিলোই।” তেওঁ ঠাট্টাৰ সুৰত কলে— “কিয়, অলকালৈ মনত পৰিছিল চাগৈ?” “তুমি মোক বৰ জ্বালাতন কৰা,”—মই কলোঁ। “আৰু সৰহ দিন নকৰে৷”—এই বুলি কৈয়ে তেওঁ অলপ মন মাৰিলে। ময়ো আঘাত পালোঁ,—তেওঁক আঘাত দিয়াৰ মোৰ উদ্দেশ্য নাছিল। আগতে দেখা তেওঁৰ মূৰ্ত্তিটো মনত পৰিল। সেই মূৰ্ত্তিটো চিৰন্তন কৰিবলৈ মোৰ অদেয় একো নাছিল। অলপ পিছতে তেওঁলৈ চাওঁ যে তেওঁ চকুলো টুকিছে। মোৰো হুমুনিয়াহ আহিল। “মই ইয়াৰ পৰা গলে আপুনি মোলৈ চিঠি লিখিব নে?”—তেওঁ সুধিলে। মই একো উত্তৰ দিব নোৱাৰিছিলো, — কব পৰা হলে কলো হয়—“চিঠি সামান্য কথা। মনৰ অস্থায়ীভাবৰ বাহক মাত্ৰ।” মই উঠিলো, কলোঁ—“আহে৷ দেই।” “ভাল”— তেওঁ প্ৰায় চকুলোৰ মাজেদিয়ে কলে। মোৰ মনৰ মাজত মুহূৰ্ত্তে মুহূৰ্ত্তে উদ্বেলিত হৈ উঠিছে—“ভাল
পৃষ্ঠা:অলকালৈ চিঠি.pdf/১১৩
অৱয়ব