( ৩ ) ছিলঙ অলকা, ইয়াৰ আগতে এখন চিঠি দিছো, সেইখন বোধ হয় তুমি পোৱা নাই। অৱশ্যে কোনো উদ্দেশ্য সাধনৰ বাবে সেই চিঠিখন দিয়া নাই। ভুল মই সদায় কৰোঁ, কিন্তু তুমি যেনেকৈ দোষাৰোপ কৰিছ৷ তেনে ভুল মই কৰা নাই। মই আগেয়েও এবাৰ লিখিছে৷ এতিয়াও আকৌ এবাৰ লিখিবলৈ বাধ্য যেন বিবেচনা কৰিছে৷ – “তুমি ছোৱালী নোহোৱা- হেঁতেন ভাল আছিল।” মোৰ বহুত ভাব তোমাৰ লগত নিমিলে, তুমি কোনো এটা বস্তুলৈ মই যি দৃষ্টিত চাওঁ তুমি সেই দৃষ্টিত নোচাৱা, কিয় নোচোৱা? অকল ছোৱালী বুলি। মোৰ ওপৰত যিমান থং অভিমান, অভিসম্পাত আছে পৰীক্ষা দি উঠি দিবা। মোক তুমি বিশ্বাস কৰা মই জানো। তোমাৰ আটাই- খিনি কথা মই মূৰপাতি লৈছে৷। মনৰ শান্তি নেহেৰুৱাব॥ মোতকৈ যোগ্যৱান ব্যক্তিৰো তুমি শ্ৰদ্ধাৰ পাত্ৰী। তুমি নহয় ঘৰলৈ গৈ মোক চিঠি দিবা। শ্ৰীমতী অৰুণাৰ পক্ষে পুতৌৰ নিতান্ত প্ৰয়োজন। তোমাৰ মোৰ স্বাৰ্থতকৈ তেওঁৰ জীৱনৰ মূল্য বেছি। অতি আন্তৰিকতাৰে সৈতে। ইতি তোমাৰ— প্ৰকাশ ১১০
পৃষ্ঠা:অলকালৈ চিঠি.pdf/১০৪
অৱয়ব