সমললৈ যাওক

পৃষ্ঠা:অলকালৈ চিঠি.pdf/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

STORYNESS মোৰ অনুমান জগততো আছে। প্ৰতিক্ৰিয়া হয়তো দেখাত তীব্ৰ নহবও পাৰে কিন্তু “স্লো পইজনৰ নিচিনা কাম কৰে। চিধা কথা এটা কলে মোৰ ঘূৰা-পকা বহুত কথা নকৈও পাৰি। আজি কিছুমান - দিনৰ পৰা এটা প্ৰবল ইচ্ছা হৈছে—তোমাক চাবলৈ। কথাষাৰ লিখাত কিন্তু মই লাজ পাইছো দেই। কিয় জানো একান্ত আগ্ৰহ হৈছে। তাতে বুলি তুমি আহিব নালাগে। কিন্তু এনে হেপাহ কিয় হৈছে ম‍ই বুজা নাই। তোমাৰ ফটো খোজাৰ কথা এবাৰ মনত খেলিছিল সেইটো নিতান্ত ন’ৰামতীয়া কথা। ফটোত যেনে দেখিম তাতকৈ মনেৰেই মই ভাল দেখিছো, – কিন্তু এই ইথাৰৰ ব্যৱধানখিনি মোৰ চকুৰ শিৰা উপশিৰাবোৰে ভাল পোৱা নাই। এই নাৰ্ভবোৰে বিচাৰে তোমাক নিজে আনি মূৰত যোগাবলৈ। তুমি উচাটন নহবা,—এই চিঠিখন নিলিখিলে মোৰ মনে মোক নেৰিছিল। ছেফটি ভাল্ভ স্বৰূপেহে লিখিলো।—এতিয়াও এই চিঠিখন ফালি পেলাবৰ মন গৈছে, কিন্তু এই চিঠিখন ফালি পেলালেতো মোৰ মন বা প্ৰবৃত্তি বা মানসিক তৃষ্ণাতো ফালি পেলোৱা নহয়। ইতি তোমাৰ— প্ৰকাশ পুনঃ—মই আৰু তোমাৰ পৰীক্ষা হৈ যোৱাৰ আগতে চিঠি নিদিওঁ। তুমি ভালকৈ পৰীক্ষা দিয়া, ঘৰলৈ যাবৰ দিনাখন মোলৈ এটা পোষ্টকাৰ্ড লিখি যাবা। তোমাৰ মঙ্গল কামনা কৰোঁ। ইতি ১০১ তোমাৰ – প্ৰকাশ