( 35 ) ছিলঙ অলকা, তুমি পৰীক্ষা দি গ'লা, মোক খবৰকে নিদিলা? মহাভাৰতত নেকি আছে, অৰ্জ্জুনে শৰ ধৰাৰ আগতে ভীষ্ম আৰু দ্ৰোণাচাৰ্য্য ক পৰেৰে পূজা কৰি লৈছিল, তাৰ পিছত তেওঁলোকৰ বিৰুদ্ধেও আৱশ্যক মতে শৰ নিক্ষেপ কৰিছিল। আজি তোমাকো মোৰ শ্ৰদ্ধা জয়জয়তে জনাই লৈছো—তাৰ পিছত অপ্ৰিয় কথা অলপ হয়তো কব লাগিব। তুমি মোলৈ চিঠি নিদিলা অভিমানত। তোমাৰ চিঠিৰ ভাব, বোধ হয় মনৰো ভাব যে মই শ্ৰীমতী অৰুণাক মৰম কৰোঁ। আজি কালিৰ চলিত ভাষাত — ভাল পাওঁ? কি অনিষ্ট কৰিলো? তোমাক যদি মই ভাল পাব পাৰো, তেওঁক নোৱাৰে।? তোমাক যদি পূজা অকল তেওঁক কিয়, কৰিব পাৰোঁ, তেওঁক শ্ৰদ্ধা কৰিব নোৱাৰে।? বিশ্ব ব্ৰহ্মাণ্ডক মই পূজা কৰিলো,—তোমাৰ ক'ত পূজাৰ ফুল ঘাটি হ'ল? মোৰ শ্ৰদ্ধা তোমাৰ স্বতন্তৰীয়া? কি কাৰণত তুমি একচেতীয়া অধিকাৰ বিচৰা? মই তোমাৰ সপোনৰ লগত জড়িত আছো? মই তোমাৰ ঘৃণাৰ লগতো মিশ্ৰিত আছো, তোমাৰ গালিৰ আগত তুলা যেন হৈ
পৃষ্ঠা:অলকালৈ চিঠি.pdf/১০৫
অৱয়ব