পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Library books will give you jou for long f hundrdcore if, with ..un hi ৰামায়ণ অযোধ্যাকাণ্ড শ্ৰীৰাম আদিৰ অযোধ্যালৈ প্ৰত্যাগমন আৰু ভৰত শত্ৰুঘনৰ মাতুলালয় যাত্ৰা শ্ৰীনমে। ভগৱতে শ্ৰীৰাম চন্দ্ৰায়॥ জয় জয় ৰামচন্দ্ৰ জগত আধাৰ। ব্ৰহ্মা হৰ পুৰন্দৰ সেৱক যাহাৰ। সৃষ্টিস্থিতি লয় যাৰ লীলা অনুপাম। হেন ৰাম পদে কৰো সদায় প্ৰণাম॥ ১৪৯২ স্বৰূপ আৱৰি নিজ মায়া বশ্য কৰি। দশৰথ গৃহে লীলাৰূপে অৱতৰি॥ মনুষ্যৰ নয় কৰ্ম্ম কবিলা অপাৰ। যাহাব শ্ৰৰণে মহাপাপীৰো উদ্ধাৰ॥ ১৪৯৩ লক্ষ্মণ সহিতে বিশ্বামিত্ৰ সঙ্গে আসি। বাথিলা তাহান যজ্ঞ বাক্ষস বিনাশি॥ ঋষি সমন্বিতে ৰঙ্গে গৈয়া মিথিলাক। ধনুভঙ্গ কৰি বিহা কৰিল৷ সীতাক॥ ১৪৯৪ পৰম সুন্দবী ভাৰ্য্যা পায়া হৃষীকেশ। পৰম উৎশুকে ভৈলা অযোধ্যা প্ৰবেশ॥ চন্দ্ৰৰ উদয়ে যেন কুমুদ প্ৰকাশ। ৰামক দেখিয়া সৰ্ব্ব জনৰ উল্লাস॥ ১৪৯৫ সুৰভি শীতল বহে মলয়া পবন। পুষ্পবন সুগন্ধে আমোদ কৰে মন॥ ধনে জনে বিচিত্ৰ মণ্ডিত সৰ্ব্বজন। ৰাজ্যৰ পাতন যেন স্বৰ্গৰ ভুবন॥ ১৪৯৬ সুপক্ক কদলী ৰুইল বাহিৰে তোৰণ৷ কনকে ৰচিত ধ্বজ ভূষিত বসন॥ 1 জমকে জমকে জ্বলে মাণিক অপাৰ। শেতেনেতে মণ্ডিত নগৰী জাতিকাৰ॥ ১৪৯৭ পুৰুষে ৰমণী তৈত ভৈল উসমিশ। নগৰৰ পথত যাইবাক নাই দিশ॥ শঙ্খপট হৰিষৰ মাদলৰ জাক। নন্দিনী নিনাদ বাদ্য বাৰে বীৰ ঢাক॥ ১৪৯৮ ৰমণীৰ বদন নিৰ্ম্মল শশধৰ। কুণ্ডল যুগল হুবলিত দিনকৰ॥ তাৰাগণ সদৃশ মাণিক সব জ্বলে। অযোধ্যা নগৰী দেৱ ভুৱনতো বলে। ১৪৯৯ ঘণ্টাৰ শৰদে হস্তী চলে সহৰিলে। আগে পাচে চলন্তে তুৰঙ্গ সব হ্ৰেদে॥ চতুৰঙ্গ দলত শব্দ কোলাহল। পূবৰ কালত যেন স্বৰ্গৰ আস্ফাল॥ ১৫০০ বিমান সদৃশ ৰথ চতুৰ্দ্দিশে চলে। নেমিৰ সন্ধানে সবে নাগলোক টলে॥ উপৰে শকতি ধনু নৰাচ কটাৰ। নয়নত চমক খৰশ জাতিকাৰ॥ ১৫০১ বিদগদ জন তৈত মিলিলা আশেষ। বালবৃদ্ধ তৰুণ আসিল দেশ দেশ | বন্দীগণে তুতি পঢ়ে ব্ৰাহ্মণে আশীষ। | জয় জয় শৱদে পূৰিল দশোদিশ | ১৫০২