(৩) (৪) (২) ভৰতে বোলন্ত শত্ৰুঘন মুখ চাই। মৰাক মাৰিলে আৰু কিছুফল নাই॥ কুজী পৰ চেড়ীসে নুহিকে স্বতন্তৰ। বোঝাৰ ওপৰে যেন শাক পটন্তৰ॥ বনে প্ৰবেশিক্ষা তিনি ভৈলোহো উদাস। নৰকৰ পলুৰ স্বৰ্গত নাহি আশ॥ সত্যপাশে কৈকেয়ী ৰাজাক বন্দী কৈলা৷ পলৱৰ চাপত দিগ্গজ বন্দি ভৈলা॥ (৫) হাঁ ৰাম আমাক অনাথ কৰি গৈলি। দুখ নদী কৈকেয়ী তাৰিয়া বাজ ভৈলি। সুহৃদত তোমাৰ গুচিল অনুৰাগ। আমি ভৈলে৷ কৈকেয়ীৰ অষ্টনীৰ ছাগ॥ আমি এপুতীৰ আন্ধলীৰ লাঠি তই। জলহীন তৰু যেন পৰিবোহেঁ৷ জুঁই॥ কোনো কৰিয়েই সমসাময়িক সমাজৰ প্ৰভাবৰ পৰা মুক্ত হব নোৱাৰে। দাৰ্শনিক বা ধৰ্ম্মমূলক গ্ৰন্থত সমাজৰ প্ৰভাৱ বৰ বেছি নহয় যদিও একেবাৰে সমাজ-নিৰপেক্ষও নহয়। অনুবাদ ৰচনাত অনুবাদকৰ সমাজৰ প্ৰভাৱ পৰাৰ থল নাই যদিও, সমাজ-সচেতন কৰিয়ে অনুবাদতো সামাজিক অৱস্থা বা কথাৰ আভাস দি যায়। কন্দলীৰ ৰামায়ণ অনুবাদত চতুৰ্দ্দশ শতিকাৰ অসমীয়া সমাজৰ এটা স্পষ্ট ৰূপ নাপালেও, কিছু আভাস মাঝে মাঝে পোৱা যায়। ঘৰবাৰীৰ বৰ্ণনাত, চৰিত্ৰৰ কথা- বাৰ্ত্তাৰ ঠাচঁত, আচাৰ ব্যৱহাৰৰ বিবৰণত কিছু সামাজিক আভাস পোৱা যায়। শ্ৰীসত্যেন্দ্ৰনাথ শৰ্ম্মা গুৱাহাটী ১, ১, ১৯৫৬
পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/৮
অৱয়ব