2 ৰাম আগমন শুনি কৌতুহল মনে। কুন্দৰুখ জালে চাহে কেহো নাৰীগণে॥ ধৌলিৱৰ উপৰত চড়িল যুৱতী। কৈলাস শিখৰে শোভে যেহেন পাৰ্ব্বতী॥ ১৫০৩ সখীগণ সম্বুধি বোলয় বৰনাৰী। ৰামৰ স্বৰূপে চিত ধৰিতে নপাৰি॥ ৰামায়ণ ৰাম মুখ পদ্ম মোৰ নয়ন ভ্ৰমৰ। বাৰিতে নপাৰে৷ ভোগ কৰে নিৰন্তৰ॥ ১৫০৪ কাঞ্চিৰ শব্দ নূপুৰৰ ৰুণ ঝুন। বৰ্ণাইবেক কেমনে ৰামৰ ৰূপ গুণ॥ ৰম্ভ৷ তিলোত্তমা আৰে৷ উৰ্ব্বশী সুন্দৰী৷ সীতাৰ ৰূপক কেহো মুহি সৰিবৰি॥ ১৫০৫ ৰাম সীতা আগমন দেখি সৰ্ব্বলোকে। থানে থানে উৰুলি পাৰয় ঝোকে ঝোকে॥ কেহো নৃত্য কৰে কেহো আনন্দ বধাৰ। নটী সবে নাচয় কৰিয়া ভঙ্গীভাৱ॥ ১৫০৬ ৰামক সীতাক দেখি গৈলা থানে থানে। নগৰীৰ লোকক তুষিলা দানে মানে। সুবৰ্ণ ৰজত ৰত্ন যতেক সম্ভাৰ। ৰামক সীতাক দিলা যৌতুক অপাৰ॥ ১৫০৭ ৰাম সীতা ৰথে থিত ভৈলন্ত চৌপথে। উৰ্ম্মিল৷ লক্ষ্মণ থিত ভৈলা একে ৰথে॥ হাট বাট এৰাই গৈলা জঙ্গাল চৌপথ। কৌশল্যাৰ ঘৰে চলি গৈলা দশৰথ॥ ১৫০৮ কৌশল্যা গৃহত কৈলা বিবিধ আচাৰ। কহিলা সুমন্ত্ৰ শুন বচন আমাৰ॥ আগবাঢ়ি সুমন্ত্ৰ যুৰিলা যোৰহাত। ৰাজ ৰাজেশ্বৰ বুলি নমিলন্ত মাথ॥ ১৫০৯ দশৰথে আজ্ঞা কৰিলন্ত সুমন্ত্ৰক। শীঘ্ৰে গৈয়া আন কুল নন্দন ৰামক॥ মাথে ধৰি মন্ত্ৰী নৃপতিৰ আজ্ঞা বাণী। ৰাম সীতা লক্ষ্মণক মিলাইলন্ত আনি॥ ১৫১০ থাপিলন্ত গৃহত সুবৰ্ণময় ঘট। | কন্যাসবে পাৰিল বাটত নেতত্পট॥ আপোনাৰ আচাৰ কৰিল নাৰীগণে। দশৰথ থিত ভৈলা সহৰিষ মনে॥ ১৫১১ ৰামসীতা প্ৰবেশিলা ৰাজাৰ মন্দিৰি। ভাৰ্য্য৷ সমে সূৰ্য্য যেন থিত অস্ত গিৰি॥ নমিল বাপক আৱৰ মাৱ। কৈকেয়ীৰ সুমিত্ৰাৰ নমিলন্ত পাৱ॥ ১৫১২ ছয় শত মাৰ আৰ পঞ্চাশ বেকতী। একে একে সবাহাক কৰিলা প্ৰণতি॥ শ্ৰীৰাম লক্ষ্মণ আদি কৰি চাৰি ভাই। চাৰি কন্যা লৈয়া চলি গৈলা নিজ ঠাই॥ ১৫১৩ নাৰী মিলিলন্ত যত কৌশল্যাৰ ঘৰ। সীতাৰ ৰূপক কেহো নোহে সমসৰ॥ সীতাৰ প্ৰভাৱে মুখ মলিন সবাৰ। পূৰ্ণচন্দ্ৰ উদয়ে নজ্বলে যেন তাৰ॥ ১৫১৪ কাশ্যপক অদিতিক যেন স্থপতি। বাপক মাৱক নিতে কৰিলা ভকতি॥ দেৱ দ্বিজ আৰাধিয়া সন্তোষন কৰি। নিজগুণে ৰঞ্জিলন্ত সমস্তে নগৰী॥ ১৫১৫ চাৰি ভাই মিলি ধৰ্ম্মপথ অনুসৰি। হৰিষে আছন্ত নানাবিধ ভোগ কৰি॥ মাতুলক দেখো ভৰতৰ ভৈল মন। তুলত লৈলন্ত প্ৰাণ ভাই শত্ৰুঘন॥ ১৫১৬ ৰামৰ চৰণ দুই নমস্কাৰ কৰি। অনুজ্ঞা মাগিলা পাচে পুষ্টাঞ্জলি ধৰি॥ প্ৰণমিলা বাপক আৱৰ নিজ মাৱ। পাইলন্ত ভৰত গৈয়া যুদ্ধাজিত ঠাৰ॥ ১৫১৭
পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/১০
অৱয়ব