অযোধ্যাকাণ্ড কুলগুৰু বশিষ্ঠক আগত লৈলন্ত। ভবদ্বাজ থানে গৈয়া প্ৰবেশ ভৈলন্ত॥ বশিষ্ঠক দেখি ঋষি চালিলন্ত গাৱ। চমকিয়া আসনৰ নমাইলন্ত পাৱ॥ ২৪৬২ ভৰতক দেখি ভৈলা মনত উল্লাস। বশিষ্ঠক সহিতে ভৈল ততুল্য সম্ভাষ॥ মাৰে ভাই ভৰতেও প্ৰদক্ষিণ কৰি। কৰিলন্ত নমস্কাৰ ঋষিক সাদৰি॥ ২৪৬৩ কৃতাঞ্জলি ধৰি পাছে আগে ভৈলা থিৰ। ঋঋষিয়ে বোলন্ত সবে হৈয়ে৷ চিৰঞ্জীৰ॥ যথাযোগ্য ভৰদ্বাজে সবাকো অৰ্চ্চিল। বসিবাক লাগিয়া আসন অনাই দিল॥ ২৪৬৪ সাদৰ কৰিলা যেবে ঋষি ভৰদ্বাজে। সবহি বসিলা মুনিগণৰ সমাজে॥ ভৰদ্বাজ আৰু ভৰঙৰ কথা-বতৰ। আৰু ভৰদ্বাজ মুনিৰ অতিথি সংকাৰ। হাসিয়া বুলিলা পাছে মহা ঋষিৰাজ। ভৰত তোমাৰ ভাল নেদেখোহো কাজ॥ ২৪৬৫ পৰম ধাৰ্ম্মিক ৰাম তাপসৰ বেশ। বাপৰ আজ্ঞাত ভৈলা বনত প্ৰবেশ॥ চতুৰঙ্গ দলে সাব্জি মাৰিবাক যাহা। অকণ্টকে সবৰাজ্য ভুঞ্জিবাক চাহা॥ ২৪৬৬ ভৰতে বোলন্ত মোক দৈবেসে নাশিল। তোমাৰ মুখত হেন বচন আসিল॥ পিতৃসম জ্যেষ্ঠ ভাই আনিবাক যাওঁ। মিছা যেবে বোলো ব্ৰহ্মবধ পাপ পাওঁ॥ ২৪৬৭ মাৰৰ কাৰণে বৰ অখ্যাতিক পাইলো। সিকাৰণে ৰামক নিবাক প্ৰতি আইলো॥ ৰামক স্মৰিতে তান লোতক ঝৰাইল। দেখি ঋষিৰাজে পাছে প্ৰত্যয়ক পাইল। ২৪৬৮ ১০ १७ ঋষিয়ে বোলন্ত দশৰথৰ কুমাৰ। ভালে জানিলোহে৷ চিত্ত উত্তম তোমাৰ॥ তোমাক কৰিলে৷ আমি পৰিহাস লীলা। সূৰ্য্যৰ বংশত তুমি সাফল জন্মিলা॥ ২৪৬৯ অনুগ্ৰহ কৰিয়োক বোলোহে৷ তোমাতে। ৰাম সেনা সাদবিবো চলিবা প্ৰভাতে॥ ভৰতে বোলন্ত তযু বাক্যত শৰণ। নিশা গোট থাকে৷ দেখি তোমাৰ চৰণ। ২৪৭০ দেব বিশ্বকৰ্ম্মাক বুলিলা মুনিবৰ। ভৰতক লাগি ভাল নিৰ্ম্মিয়ো নগৰ॥ ঋষিৰ বচন বিশ্বকন্মে শিৰে ধৰি। দণ্ড দুইৰ ভিতৰত নিম্মিল৷ নগৰী॥ ২৪৭১ পতকা সঞ্চৰে যেন বিজুলী ছটক। দশ প্ৰহৰৰ পথ জুবিল কটক॥ উত্তম ধৱলিয়ৰ ৰাজাব ওৱাৰি। হাতী ঘোৰা শাল নিৰ্ম্মিলন্ত শাৰী শাৰী॥ ২৪৭২ দীঘিসব থৈলন্ত নিৰ্ম্মল জলে ভৰি। মৎস্য মাংস দ্ৰব্য থৈলা পৰিপূৰ্ণ কৰি॥ ভৰদ্বাজে আদেশ কবিলা তেতিক্ষণ। দেৱলোক ছাবি আইল অপেম্বৰাগণ॥ ২৪৭৩ ঘৃতাচী মেনকা গৌৰী ৰম্ভা তিলোত্তমা। অনম্বুষা উৰ্ব্বশী, কনকা, ৰতি, হেমা॥ মহেন্দ্ৰৰ লগৰা অপেম্বৰাগণ। ভৰতৰ ঠাৱত ভৈলন্ত উপসন॥ ২৪৭৪ পদ্মৰ ভিতৰ যেন শৰীৰৰ কান্তি। বদন কমল হুবলিত দন্ত পাত্তি॥ উন্নত কঠিন ঘন পিন তনভাৰ। উপৰত হাৰ জিকমিক কৰে তাৰ। ২৪৭৫ যাক যেন ৰুচয় ভুঞ্জিল অন্নপান। পুষ্পগন্ধ চন্দন কৰিলা পৰিধান॥
পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/৮১
অৱয়ব