98 ৰামায়ণ কুবেৰে পঠাইয়া দিলা আঠ কোটি নাৰী। অপেস্বৰাগণ সংখ্যা কৰিতে নপাৰি॥ ২৪৭৬ মহামুনি সবৰো কটাক্ষে মন হবে। হেন দেৱ-সুন্দৰী মানুষে অনুসবে। অপেম্বৰা নাৰীসমে ক্ৰীড়িলা আমোদে। নিশাগোট বঞ্চিলন্ত বিবিধ বিনোদে॥ ২৪৭৭ সকল প্ৰজায়ে বোলে পলাইলেক দুখ। ৰামব কল্যাণ ভৰতৰ হৌক সুখ। এৰিলোহো ছাড় নাবী পুত্ৰ পৰিবাৰ। ঋষিৰ কটাক্ষে এহি ভোগ হৌক সাব॥ ২৪৭৮ ভৰতে প্ৰভাত জানি চালিলন্ত গাৱ। কৰিলন্ত প্ৰণাম ঋষিৰ দুই পাৰ॥ ভৰদ্বাজে বোলন্ত ইহান নাহি দোষ। দেৱ কাৰ্য্য হৈব তুমি এৰা অসন্তোষ | ঋঋষিৰ চৰণ ধূলি শিৰত কৰিল। মুনি উপদেশে নদী যমুনা তৰিল॥ ২৪৮৪ কটক-সাগবে জুৰিলেক সবে বন। ভৰতে বুলিলা শত্ৰুঘনক বচন॥ চিত্ৰকূট গিৰি দেখি নদী মন্দাকিনী। ইথাৱতে আছে ৰাম লখাই সীত৷ তিনি॥ ২৪৮৫ ভৰতৰ কথা আবে এহিমানে থওঁ। বামৰ চৰিত্ৰ কিছু সংক্ষেপিয়া কওঁ॥ চিত্ৰকুটত ৰামৰ বাস; ভবতৰ স্যৈৰ কোলাহল শ্ৰৱণ। ভৰদ্বাজে বোলন্ত ভৰত সদভাৱ। পৰিচয় কৰায়ে৷ কাহাৰ কোন মাৱ॥ ২৪৭৯ শুনিয়া ভৰতে কৰি ঋষিক প্ৰণতি। যাৰ যিটো মাৰ চিনাৱন্ত প্ৰতি প্ৰতি॥ দশবথ বাজাৰ প্ৰথম পটেশ্বৰী। নম্ৰভাৱে আছ৷ যিটো কৃতাঞ্জলি ধৰি॥ ২৪৮০ ত্ৰৈলোক্যতো যাক গুণে নাহি পটন্তৰ। দুখৰ ভাজনী এন্তে মাতৃ শ্ৰীৰামব॥ তোমাৰ চৰণ চাহি তান ৰামভিতা। শত্ৰুঘন লক্ষ্মণৰ মাতৃ শোভনিতা॥ ২৪৮১ তানপাশে হাতজোৰে তোমাত ভকতি। তপ্ত সুবৰ্ণৰ বৰ্ণ নিকাৰুণ মতি॥ কলহত প্ৰিয়া এহে৷ প্ৰচণ্ড প্ৰভাৰ। কৈকেয়ী নামত আমি চণ্ডালৰ মাৰ॥ ২৪৮২ ৰাম হেন ভাতৃক দিলেক বনবাস। ইহানে কাৰণে ভৈলা বাপৰ বিনাশ॥ জন্মান্তৰে কতেক পাতক মই কৈলো। ৰাম সীতা ক্ৰীড়৷ কবে চিত্ৰকূট বনে। শচী সমে দেৱৰাজ যেহেন নন্দনে॥ ২৪৮৬ সীতাক বুলিল বাম হৰিষ বদনে। অযোধ্যাব ভোগ আউৰ নপবয় মনে॥ গিৰিৰ কন্দৰে গন্ধ সুবভি অপাৰ। আছোক মনুষ্য মন মোহে দেৱতাৰ॥ ২৪৮৭ পুত্ৰ পুত্ৰ বুলি শুনু পক্ষী কাঢ়ে ৰাৰ। এহিমতে কান্দিয়া মৰন্ত মোৰ নাৱ॥ ফল গ্ৰুষ্প দেখি সীতা নানা চিত্ৰবন। অনেক সন্তোষ কৰিয়োক বিতোপন॥ ২৪৮৮ থানে থানে দেখিয়ে৷ কিন্নৰী বিদ্যাধৰী। ৰমণ কৰন্ত নানা বিধ বেশ কৰি॥ মানস শিলাৰ ফোট সীতাদেৱী দিল। আলিঙ্গন্তে ৰামৰ হিয়াত সঞ্চৰিল॥ ২৪৮৯ হেন দেখি সীতায়ে কৰিলা পৰিহাস। সুৰত শৃঙ্গাৰ বৰ ভৈল অভিলাষ। মৃগ মাৰি লক্ষ্মণে যোগান্ত নিতে আনি। সিকাৰণে আন গৰ্ভে উতপতি ভৈলো। ২৪৮৩ | সীতা দেবী ৰান্ধন্ত ভুজন্ত তিনি প্ৰাণী॥ ২৪৯০
পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/৮২
অৱয়ব