৭২ ৰামায়ণ অযোধ্যাব লোক তান সেবিব চৰণ। পালন্তোক বামে বাজ্য মই খাটে। বন॥ ২৪৪৭ শুন গুহৰাজ তই নিজ গৃহে চল। আমাৰ শোকতে তয়ো হোৱস বিকল॥ ভৰতাদি নৈ পাৰ হয় গুহ নৃপতিক যেবে গৃহক পঠাইল। শত্ৰুঘন সমে শোকে নিদ্ৰাক নপাইল॥ ২৪৪৮ যুগৰ সমান তান ৰজনী পোহাইল। ভবতে মাতিয়৷ শত্ৰুঘনক জগাইল। প্ৰভাত সময় ভৈল কুলি তেজে ৰাৰ। গুহক বুলিয়ো ঝাণ্টে আনন্তোক নাৱ॥ ২২৪৯ ভৰতে উঠিয়া পাছে মুখে দিলা জল। কৌশল্যা সুমিত্ৰা আদি জাগিলা সকল॥ শত্ৰুঘনে বোলে কিয় জগোৱাহা মোকে। জগায়া আছয় মোক বাপ-ভাইৰ শোকে। ২৪৫০ গুহক আনিতে প্ৰতি দূতক পঠাইল। দূত নতো যান্তে গুহ আপুনি আইল॥ গুহে বোলে উঠিয়োক ভবত কুমৰ। ভৰতে বোলন্ত ভৃত্য তইসে ৰামৰ॥ ২৪৫১ অধ্যাহতে সৈন্য মোৰ কৰায়োক পাৰ। ত্ববিতে অনায়ো বাপ যতেক নাৱাৰ॥ হেন শুনি গুহ বাজা নথাকিল ৰহি। আপোনাৰ কটকক শীঘ্ৰে গৈলা বহি॥ ২৪৫২ ভৰতৰ আজ্ঞা নিয়া শিৰত চড়াইল। তেতিক্ষণে পঞ্চশত নাৱাৰা অনাইল॥ নিৰন্তৰে নাৱাৰা গঙ্গাত কেলি কৰে। কতো কতো মাৰত সহস্ৰ লোক ধৰে॥ ২৪৫৩ পঞ্চদশ শত লোক কাহাতো ধৰয়। কাহাতে৷ ষোড়শ শত কাতো সতৰয়॥ গৈলা লৰি ৰঙ্গে বৰ অশ্বগজ দলে। দিন গোটে পাৰ ভৈল কটকসকলে॥ ২৪৫৪ পঞ্চিশে তিৰিশে চল্লিশে সে হাতী চড়ে। তথাপিতো নাৱ সৱ খানিকে৷ নলৰে॥ পৰ্ব্বত সমান নাৱ সব বাহি যায়। ছাপে ছাপে নাৰ যেন পবন উড়ায়। ২৪৫৫ হস্তী ঘোড়া ৰথ পতি কটক অপাৰ। গুহৰ কিঙ্কৰ সবে কবিলেক পাৰ॥ কতো হান্টি কতো ভুৰে কতো লোক ভেলে। কতো কতো সান্তবিয়| পাব হোৱে হেলে॥ ২৪৫৬ গুহৰাজা জোনহাতে সাকুত স্বভাৱ। ভৰতব আগে গৈয়া যোগাইলেক নাৱ। ৰজতৰ পতা দিল লুবৰ্ণৰ ঢাল। জমকে জমকে জ্বলে ৰতন পৱাল॥ ২৪৫৭ বশিষ্ঠ প্ৰমুখ কবি যত দ্বিজগণ। ৰাজভাৰ্য্যা যতেক ভবত শত্ৰুঘন॥ সেহি নাৱে ভৈলা গুহ আপুনি কাণ্ডাৰ। অব্যাহতে গঙ্গাৰ ভৈলন্ত সবে পাব॥ ২৪৫৮ পাব হৈয়া ভৰতে গুহত শোধে কাজ। কোন পথে চলিবো দেখিতে ভৰদ্বাজ॥ নিষাদ নৃপতি পথ কৰিলা উদ্দেশ। সসৈন্যে ভৰত ভৈল। বনত প্ৰবেশ॥ ২৪৫৯ নদী নদ দুৰ্গ বন বহুত এৰাইল। প্ৰহৰ দেড়েকে গৈয়৷ প্ৰয়াগক পাইল॥ মহাক্ষেত্ৰ গান সিটে৷ মুকুতি দুৱাৰ। সেনা সমন্নিতে সেই থানে পয়সাৰ॥ ২৪৬০ শঙ্কৰক প্ৰণামি আসন ধৰিলন্ত। মাতৃগণ সমে প্ৰদক্ষিণ কৰিলন্ত॥ নিৰন্তৰে প্ৰজাক থৈলন্ত সেই ঠাৰ। মন্ত্ৰীগণ সহিতে আৱৰ যত মাঝ॥ ২৪৬১
পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/৮০
অৱয়ব