1/² কৰে। ৰামে সীতাৰ আগত দিয়া বনবাসৰ ভয়াবহ বিৱৰণ, চিত্ৰকূট বনৰ নৈসৰ্গিক শোভা আৰু মন্দাকিনী নদীৰ সৌন্দৰ্য্য প্ৰকাশ কৰোঁতে কন্দলীৰ কৱিত্ব-প্ৰতিভা ব্যক্ত হৈছে। কুঞ্জীৰ ৰূপ বৰ্ণনাত (২) হাস্যৰস, দশৰথ কৌশল্যাৰ পুত্ৰবিচ্ছেদৰ দুখত কাৰুণ্য ফুটি উঠিছে। কন্দলীৰ ৰচনাৰ এটা ডাঙৰ বৈশিষ্ট্য হৈছে তেওঁৰ শব্দ-প্ৰয়োগৰ কৌশল। সংস্কৃত আৰু অসমীয়া শব্দৰ সুকৌশল প্ৰয়োগৰ দ্বাৰা তেওঁ এটা শক্তিশালী ভাষা বা ৰচনা-শৈলী গঢ়ি লৈছিল; পাছৰ বৈষ্ণৱ কৱিসকলেও এই ৰচনা ৰীতিকেই অনুসৰণ কৰিছে। (১) ওৱাৰী শ্মশান শাল চিন্তা আমি গাপ্তি। কৈকেয়ীৰ বচনে থোচনি ভৈল দাণ্ডি॥ শোকবহ্নি শ্বাস ধূম বিয়োগ তোমাৰ। নিৰন্তৰে শৱ দাহ কৰিব আমাৰ। তুমি এৰিলেতো মই শোক দুঃখ পাইবো। নীহৰে নলিনী যেন ঠাৰতে শুকাইবো॥ ধেনু যেন বৎসৰ পাছত কৰে গতি। তোমাৰ লগত যাইবো হেন মোৰ মতি॥ কৈকেয়ীক দেখিলে শৰীৰ মোৰ কাম্পে। হৰিণীক দেখি যেন বাঘিনীয়ে ঝাম্পে॥ সৰ্পিনীৰ আগে যেন মণ্ডুকীৰ গতি। শেনীৰ আগত যেন কম্পে কপোৱতী॥ ( অযোধ্যা ১০/১৩১-১৩৬) স্বৰ্গতো অধিক কৰি যাৰ কীৰ্ত্তি গৈল। হেনপুৰী যেহেন শ্মশান শাল ভৈল॥ ৰাম দশৰথ ছিৰি গৈলন্ত সংকলি। হাটখান মলিন যেহেন শৃণ্বস্থলী॥ কৈকেয়ী মাৱে ভৈল প্ৰচণ্ড অগনি। শুকান অৰণ্য প্ৰজা লাগি গৈল ছন্নি॥ জাজ্জ্বল্য সনান ভৈল ৰামহিংসা বাৱে। প্ৰজা অৰণ্যক দহি অগনি উধাৰে॥ সৱ ৰাক্তপুৰী দশৰথ গৈলা চলি। অযোধ্যা নগৰী ভৈল যেন পোৰা থলি॥ অযোধ্যা নদীত ভৈলা দশৰথ জল। কৈকেয়ী ৰবিজ্বালে শুযিল সকল। প্ৰজা মৎস্য কচ্ছপ তৰত পৰি নৰে। ৰামশোক মংস্যৰঙ্কে খেদি খেদি ধৰে॥ ( অযে{ধ্য| 80150-te ) মাধৱ কন্দলীৰ ৰামায়ণৰ আন এট। মন কৰিব লগীয়া বিশেষত্ব হ'ল বিভিন্ন অলঙ্কাৰৰ যোগেদি প্ৰকাশ কৰা চিত্ৰসমূহ। কবি-প্ৰসিদ্ধি বিলাকৰ প্ৰয়োগৰ উপৰিও তেওঁৰ নিজস্ব অলঙ্কাৰৰো প্ৰচুৰ সমাবেশ ইয়াত আছে। একো একোটা পৰিস্থিতি বা দৃশ্যক তেওঁ ইটোৰ পাছত সিটোকৈ কেইবাটাও উপমা, উৎপেক্ষা বা ৰূপক প্ৰয়োগ কৰি পৰিস্ফুট কৰাৰ প্ৰচেষ্টা সঘনে দেখা যায়। মাজে মাজে আকৌ অতি ঘৰুৱা অৰ্থাৎ আমাৰ অলঙ্কাৰৰ এনে প্ৰয়োগৰ দুই এটা উদাহৰণ অযোধ্যাকাণ্ডৰ পৰা দৈনন্দিন জীৱনৰ লগত পৰিচয় থক৷ চিত্ৰও সংযোগ উদ্ধৃত কৰি দিয়া হ'ল। কৰি দি জনসাধাৰণৰ মন আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে। জনসাধাৰণে এনে চিত্ৰৰ দ্বাৰা সহজে প্ৰভাবিত হয়, কিয়নো এইবোৰত বাস্তৱ জীৱনৰ প্ৰতিচ্ছবি তেওঁলোকে দেখা পায়। পাছৰ বৈষ্ণৱ কৱিসকলেও এনে ধৰণে তেওঁলোকৰ ৰচনাৰ মাজে মাজে তালঙ্কাৰ প্ৰয়োগৰ যোগেদি একোটি ঘৰুৱা দৃশ্য বা চিত্ৰ দাঙি ধৰিছে। অযোধ্যাকাণ্ডৰ পৰা কেইটামান নিদৰ্শন দাঙি ধৰা হ'ল। (১) কৌশল্যাৰ কোলে দুঃখে আছন্ত ভৰত। তপত খোলাত মাছ কৰে যেন নত॥ মন্দ কৰ্ম্মে নাৱৰ শৰীৰে দেই তাপ। সুৰাপান কৰি যেন দ্বিজৰ সন্তাপ।
পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/৭
অৱয়ব