পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

88 ৰামায়ণ তোমাৰ চৰণ আসি দেখিলো বনত। এবাইলোহে৷ শোক কিছু হবিষ মনত॥ কমন থানত আসি হৈবো উপস্থিত। উপদেশ বুলিয়োক আমাক উচিত॥ ১০৬৩ সসম্ভ্ৰম ৰূপে ঋষি বুলিলা বচন। ত্ৰিভুবনে সাৰ ইটে৷ মোৰ তপোবন॥ প্ৰয়াগ হুতীৰ্থ গঙ্গা যমুনা সঙ্গমে আমি সনে হয়ো থিত এহিতো আশ্ৰমে। ২০৬৪ ৰাঘৱে বোলন্ত শুনিয়োক ঋষি ৰত্ন। ইথানে থাকিতে মোক নকৰিবা যত্ন || মোক দেখিবাক আসিবন্ত বন্ধুজন। নিজন থানে উপদেশিয়োক বন। ২০৬৫ ঋঋষিয়ে বোলন্ত আমি বিমৰিসি চাইলো। অনুৰূপে তোমাব থানক খুজি পাইলো॥ তৃতীয় প্ৰহৰ পথে আছে গুপ্ত দেশ। চিত্ৰকুট পৰ্বতৰ হুয়োক প্ৰবেশ॥ ২০৬৬ মুনিগণ দেখিবাহা বহু ফল মূল। ভালুক বানৰ সম গোদা গোলাঙ্গুল॥ কতো কতো ঋষি তাতে স্বৰ্গপণ চাইলা। কেছো কেহো মুনিগণ মুকুতিক পাইলা॥ ২০৬৭ ঋঋষি সমে কথা মতে ৰজনী প্ৰভাত। মুনি সমে পাইলা গৈয়া যমুনা সাক্ষাত॥ পথ উপদেশি মুনি বাহুৰি আসিলা। ভেল বান্ধি তিনিহন্তে যমুনা তৰিলা। ২০৬৮ শাম নামে বটবৃক্ষ পাইলা কতোদূৰে। ভাল ৰূপে তাহাক জানয় দেৱাহুৰে॥ মুনি উপদেশে সীত৷ বৃক্ষক আৰাধি। চলি গৈলা তিনিও অনেক বব সাধি॥ ২০৬৯ দণ্ডহুইৰ পথে পাইলা নীল নামে বন। মৃগ মাৰি ৰান্ধি তৈতে কৰিলা ভোজন॥ তৰুতলে লখাই পত্ৰশয্যাক বিছাইলা। প্ৰয়াস তেজিয়া সুখে নিদ্ৰা তাতে পাইলা॥২০৭০ লখাইক জগাইলা ৰামে জানিয়া প্ৰভাত। হাত মুখ ধুইয়া সন্ধ্যা কৰিলা তথাত॥ অবিলম্বে চিত্ৰকুট বন পাচে পাইলা। হৰিষ বদনে বামে সীতা মুখ চাইলা || ২০৭১ দেখা দেখা জানকী হৰিয় কৰি মন। ফল মূল যুকুত বিবিধ তকবন॥ জাই যুতি বকুল বন্দুলি কণিকাৰ। কাঞ্চন টগৰ কুন্দ সেৱালী মন্দাৰ॥ ২০৭৩ অশোক পলাশ ফুলি গৈল হিস৷ হিসি। নাগেশ্বৰ চম্পক ফুলিল অহমিশি॥ পীণ্ডীত গববক ফুলিল সেৱতি। ধুন্দুব কনৌৰ আৰো কুলিল মালতী॥ ২০৭২ ওৰ পুষ্প মালি দুৱামালি আৰু গালি। তমাল তুলসী মালৈ মৰুৰা সেৱালী॥ বসন্ত সময়ে কাম বাজাব পৰাণ। পুষ্পৰ ধনুত আৰোহিয়া পাঞ্চবাণ॥ ২০৭৪ ভাৰ্য্যা পুৰুষৰ কাম বাণে কৰে লখ। বিৰহী জনৰ ভৈল সহন আসখ॥ সেনাপতি লৰি ভৈল মলয়ৰ বাৰ। মহাবীৰ নাদ ভৈল কোকিলব ৰাৰ॥ ২০৭৫ পক্ষীগণ ৰাৱে যেন বাৱে বাদ্যভণ্ড॥ নাগেশ্বৰ ফুল কাম নৃপতিৰ দণ্ড॥ গুঞ্জৰিত ৰাৱে সমে ভ্ৰমৰ লৰিল। কেতকী কুহুমে যেন কোণ্ডক গঢ়িল॥ ২০৭৬ কোকিল ভ্ৰমৰ পক্ষী ময়ূৰৰ বাৱে৷ কাম ব্যাধি পীড়িয়া নসহে মোৰ গাৱে॥ শুনি মন মোহিত পাৱয় নিবন্তৰে। ভালেসে ক্ৰোধত কাম দহিলা ঈশ্বৰে॥ ২০৭৭