পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অযোধ্যাকাণ্ড দেখ দেখ সীতা আম জাম পনিয়াল। তাম্বুল কণ্ঠাল নাৰিকল নানা ফল॥ কমলা মোহৰি শ্ৰীফলৰ গন্ধ কহে। নানা ফুল ফলৰ সুৰভি বায়ু বহে॥ ২০৭৮ সব বৃক্ষে বাহুয় মাসৰ ফল ধৰে। আশেষ চটকে পৰি ৰোল কৰে॥ জলচৰ থলচৰ জাকে জাকে পক্ষী। সীতাক বিনান্তে চলি যান্ত লখি লখি॥ ২০৭৯ কঙ্ক বঙ্ক মউপিয়া পক্ষী মনোনীত। নানাবিধ চিত্ৰ পক্ষী দেখিতে শোভিত॥ কোকিলব বাৱ পেচা ফিঞ্চা শুকসাবি। মনোহৰ পক্ষী যত বৰ্ণাইতে নপাৰি॥ ২০৮০ মন্দাকিনী নদীতে দেখিয়া পক্ষীগণ। সাঁতাক সম্বুধি বামে বুলিলা বচন॥ ৰাজহংস দেখা সীতা তোমাৰ গান। চক্ৰবাক যুগল তোমাৰ দুই তন॥ ২০৮১ কল হংস বাৱ কাঞ্চি নুপূবব নাদ। বদন কমল তোব দেখন্তে আহলাদ | বদন উপৰে তোৰ নয়ন যুগলে। খঞ্জন দুতয় যেন চলয় কমলে॥ ২০৮-২ জনকৰ জীৱ দেখ নদী মন্দাকিনী। তোমাৰ সদৃশ সুশোভিত মধ্যক্ষিণী॥ বিদূৰ গমনে যেন মিলিল প্ৰয়াস। কৃশ ভৈল শবীৰ ঈৰ্ষত যেন হাস॥ ২০৮৩ চিত্ৰকূট পৰ্ব্বতক দেখিয়োক সীতা। পকা আমে গৌৰবৰ্ণ কৰিল চৌভিতা॥ ওপৰত মেঘ যেন দেখিয় শোভন। বাঢ়িল নিকলি যেন পৃথিবীৰ তন॥ ২০৮৪ শিখৰ উপৰে মন্দাকিনী শুক্ল জল। তনক ঢাকিয়া যেন বস্ত্ৰৰ আচল॥ 84 সুৰভি শীতল বায়ু বহে বৃক্ষ তলে। উপভোগ কৰিও অন্বত সম ফলে॥ ২০৮৫ সুশোভন গৈৰিক বিচিত্ৰ ধাতু ভাল। সুবৰ্ণৰ তন মণি ৰক্তন পোৱাল॥ পাবিজাত মন্দাব চম্পক শাল তাল। আশেষ বমণ সুখে বঞ্চিয়োক কাল॥ ২০৮৬ তুমি সমে চিত্ৰকুট হৈবো আমি থিত। | গৌৰী মহাদেৱে যেন কৈলাস গিৰিত॥ মৃগ সব মাবিয়া ভুঞ্জিবো নিতে নিত। অযোধ্যাব জন এবে ভৈল| অবিদিত॥ ২০৮৭ এহি মতে নানা বন পৰ্ববত এবাইলা। কথামাতে জানকীব পথ পাগবাইলা॥ শিথিল গমনে বাম জানকী লক্ষ্মণে। পৰ্ব্বত নিকট গৈয়া পাইল৷ কতোক্ষণে॥ ২০৮৮ দুয়ে৷ ভাই তেতিক্ষণে পৰ্ব্বত মূলত। আশ্ৰম নিৰ্মূলা মন্দাকিনীৰ কূলত॥ বাস৷ দুই সাজিলা লক্ষণে বৰুনাথে। মাটি জল লৈয়া সীতা লিপিলন্ত হাতে। ২০৮৯ ৰাঘৰে বোলন্ত যজ্ঞ কধিবো এখন। কৃষ্ণসাৰ মৃগ মাৰি আনিও লক্ষ্মণ॥ জ্যেষ্ঠ ভাইব আদেশক শিবে তুলি লৈয়া। তেতিক্ষণে মৃগমাৰি আনিলন্ত দৈয়া॥ ২০৯০ সীতায়ে ৰান্ধিলা বামে হুনি বহ্ণি মুখে। যজ্ঞ সমাপিয়া তিনি ভুঞ্জিলন্ত সুখে৷ ফল মূল ভুঞ্জিয়া ৰহিলা সেহি থানে। বাম লক্ষ্মণব কথা আছে৷ এহি মানে। ২০৯১ গঙ্গা পাৰ হৈয়া ৰামে বনত পশিলা। দেখি গুহ হুমন্ত্ৰৰ শোক উথলিল৷॥ দুইহান্তকে৷ দুই পাচে ধৰি গলে বান্ধি। হ৷ ৰাম বুলিয়া বিহ্বল ভৈলা কান্দি॥ ২০৯২