অযোধ্যাকাণ্ড ৰাঘৱে সীতায়ে সেহি ৰথত চড়িয়া। তমসাৰ পাৰ ভৈলা প্ৰজাক এৰিয়া॥ ১৯৯৭ পাৰ হুয়৷ ৰাম যেবে বহু দূৰ গৈলা। প্ৰভাতত আদিত্য উদয় আসি ভৈলা॥ জাগি প্ৰজা সবে বোলে হবি হবি বিধি। খুজি ফুবে হাতৰ হৰাইল যেন নিধি॥ ১৯৯৮ অযোধ্যাক গৈল বাম দেখি বথ চিন। জানি নিবন্তৰে প্ৰজ। ভৈল শোক হীন॥ ক্ষমাশীল ৰাম কোপ উপশাম ভৈল। হেন বুলি প্ৰজা সব অযোধ্যাক গৈল॥ ১৯৯৯ পাচে প্ৰজা দেখে বাম নাহি অযোধ্যাত। সূৰ্য্য অস্ত গৈলে পদ্মা সঙ্কোচ সাক্ষাত॥ ভূমিত পৰিয়া প্ৰজা আপোনাৰ ঠাৰে। পুত্ৰ পৰিবাৰ সমে কান্দে দীৰ্ঘবাৰে॥ ২০০০ নাৰীগণে স্বামীক বোলয় অনুত্তৰ। ৰাম গুণ পাসবিয়া আসি লৈলে ঘৰ॥ দিনেকবো গুণ তান হুজিতে নপাবি। স্বামী সকলক গালি পাৰে যত নাৰী॥ ২০০১ স্বামীৰ মাথাত কেহো দেয় মাবঘোব। এৰি আইলি ৰামক টেণ্টন যেন চোব॥ এভো হেন কৰহ ৰামব পাশে যাহা। সেৱা কৰি বিনয় ৰামক মনবাহা॥ ২০০২ কল মূল গোটাই আনি ৰামক তুষিব। তোমাক আমাক ৰাম সীতায়ে পুষিব। স্ত্ৰী মুখ চাইতে আইলি ৰামক তেজিয়া। পাপী মোক্ষ তেজি মৰে নৰকে মজিয়া॥ ২০০৩ এহিমতে প্ৰজায়ে ৰামক কৰে মৰ্ম্ম। তেজিল সমস্ত লোকে যাব যেন কৰ্ম্ম। দেৱৰীয়ে দেৱ পূজা কৰিলে বিছেদ। ব্ৰাহ্মণ সকলে নপঢ়য় আৰো বেদ॥ ২০০৪ ক্ষত্ৰে এবিলেক অস্ত্ৰ শস্ত্ৰ কন্ম ধৰ্ম্ম। বৈশ্যে এৰিলেক কৃষি বাণিজ্যৰ কৰ্ম্ম॥ শূদ্ৰে এবিলেক সেৱ৷ বিষাদিত লোক। ! পুত্ৰে মাতৃ এৰিলে তেজিল মাৰে পোক॥ ২০০৫ সকলে প্ৰজাৰ ভৈল অম্বুখ আধ্নতি। ছত্ৰিশ জাতিয়ে তেজিলেক নিজ বৃত্তি॥ দেশে দেশে প্ৰজা সবে কান্দে মন্যু কবি। সকলে নগৰী ছানি শুনি হবি হৰি॥ ২০০৬ দশৰথ কৈকেয়ীক প্ৰজা বোলে ধিক। বিনা দোষে বামক পাঠাইল৷ বনে কিক॥ কতো দিনে প্ৰজ৷ সবে খাইলে অন্ন পানী। শুনিয়ে৷ পথত যেন ৰামৰ কাহিনী॥ ২০০৭ শ্ৰীৰামচন্দ্ৰৰ গুহ ৰাগাৰ লগত সাক্ষাত উপায় বিশেষে প্ৰজাগণে পৰিছবি। অবিলম্বে পাইলা আসি কোশল নগৰী॥ তাকে৷ এবাই গৈলা বেদশ্ৰুতি নদী তৰি। লক্ষ্মণ জানকী সমন্বিতে মন্যু কবি। ২০০৮ | গোপকুল পাইলা গৈয়া ঘ্নত দধি সাব। শীঘ্ৰ বেগে ভৈলা গৈয়৷ গোমতীৰ পাৰ॥ বগনেমি সন্ধানে পৃথিবী তল ভেদি। শীঘ্ৰ বেগে তৰিল৷ সববূ মহানদী॥ ২০০৯ মন্ত্ৰীক সম্বুধি বামে বুলিলা বচনে। বিষাদ থাকিল মোৰ সৰযূৰ বনে॥ কোন কালে আসি নাৱবাপ ভেট পাইবো। সৰযূৰ বনে মৃগ মাৰিবাক যাইবো॥ ২০১০ হেনয় বিসাদে যেবে গৈলা বহু দূৰ। গোধুলিব বেলা পাইলা শৃঙ্গৱেব পুব॥ দেৱনদী গঙ্গাক দেখিলা গৈয়া তথা। জগত পৰিত্ৰ কৰি বহন্ত সৰ্ব্বথা। ২০১১ ķ .
পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/৪৭
অৱয়ব