পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

06 জীবা কতকাল ৰাম পাৱে দিয়া গতি॥ পৰম অথিব তেজি আলজাল জন্মৰ সাফল ৰামায়ণ মনুষ্য শৰীৰ পৰে কেতিক্ষণ জানি। হৌক লোক ডাকি বোলা ৰাম ৰাম বাণী॥ ১৯৮৪ প্ৰজাসকলৰ 'প্ৰতি শ্ৰীৰামৰ প্ৰবোধ বাক্য। পদ। অযোধ্যা তেজিয়া ৰাম গৈলা যেতিক্ষণ। নগৰীয়া লোক নথাকিল একোজন॥ নিজ প্ৰাণ তিনি জন বন চলি যায়। মৃতক শৰীৰে থাকিবোহে৷ কাক চাই॥ ১৯৮৫ এহি বুলি প্ৰজা ৰাঘৱৰ লাগ লৈলা। যাইবে কতো নপাৰি পথতে পৰি ৰৈলা॥ ৰাঘৱে বোলন্ত শুনা অযোধ্যাৰ জন। যদি দায়া থাকে মোৰ ধৰিয়ো বচন॥ ১৯৮৬ মোহোৰ বাসনা এবি অযোধ্যাক যাহা। ভৰতক ৰাজা পাতি ধৰ্ম্মপথ চাহা॥ মোহোৰ শোকতে দগ্ধ ৰাজা দশৰথ। তাঙ্ক যেবে আশ্বাসিয়ো মোৰ হিতপথ॥ ১৯৮৭ প্ৰজা বোলে বাম প্ৰভু ধৰ্ম্ম চাহিয়োক। বাহুৰায়৷ মন অযোধ্যাক ঢলিয়োক॥ নোহে আমি তেজিলোহো পুত্ৰ পৰিবাৰ। তোমাৰ তুলত বন কৰিলোহে৷ সাৰ॥ ১৯৮৮ কৈকেয়ীৰ বচনক দৃঢ় মনে ধৰি। কোথা চলি যাহা আমাসাক পৰিহবি॥ ৰাগ ৰোষ সকলো আমাত ক্ষমা কৰি। তপাল কৰিয়োক অবোধ্যা নগৰী॥ ৯৮৯ পিঠি দিয়া প্ৰজাক নিৰ্দ্দয় বাম বীৰ। শীঘ্ৰবেগে পাইলেক তমসা নদীতীৰ॥ ৰাঘৱে বোলন্ত শুনা লক্ষ্মণ বিনীত। প্ৰথম প্ৰবাসে আমি ভৈলো উপস্থিত॥ ১৯৯২ অসুখ নকৰ বাপু মন্যু পৰিহৰি। ৰাত্ৰি গোট বঞ্চিয়ো প্ৰজাক ৰক্ষা কৰি॥ কেনমতে ফলমূল ভুঞ্জিবোহো আজি। ঝাণ্ট কবি তৃণশয্যা দিয়ো মোক সাজি॥ ১৯৯১ ৰামৰ বচন শুনি লগাই মহাবীৰে। তৃণশয্যা নিৰ্ম্মিলা তমসা নদীতীবে॥ ৰাম সীতা পাচে তথা শয়ন কৰিলা। নিদ্ৰ৷ গৈলা দুয়ো দুখ শোক পাসৰিলা॥ ১৯৯২ চতুৰ্ভিতি বেঢ়ি শুইল৷ অযোধ্যাৰ লোকে। নিচেন্টে গৈলন্ত নিদ্ৰা পীড়িলেক শোকে॥ ৰামৰ বিবিধ গুণ কথ৷ আতি কহি। হুমন্ত্ৰ লক্ষ্মণ জাগি থাকিলন্ত বহি॥ ১৯৯৩ সমধিকে গৈল যেবে নিশা দুইপৰ। পাইলন্ত চেতন নিদ্ৰা ভাগিল ৰামৰ॥ ৰাঘৱে বোলন্ত লখাই প্ৰজাব বিপত্তি। পুত্ৰ দাৰা গৃহ তেজি আমাত ভকতি॥ ১৯৯৪ দাৰুণ বনত আসি তমসা কূলত। মোত অনুৰাগে শুইল বৃক্ষৰ মূলত॥ প্ৰজাক আমাৰ দুখ দিতে নুযুৱাই। সবাহাঙ্কে৷ পৰিহৰো চিন্তাহা উপায়॥ ১৯৯৫ শুনা বোলো বচন হুমন্ত্ৰ সদভাৱ। অযোধ্যাক লাগি মোৰ ৰথ বাহুৰাৱ॥ কতো দূৰ গৈয়া পাছে আন পন্থা ধৰি। অন্তৰীক্ষ ভাৱে ৰথ আন ঝাণ্ট কবি॥ ১৯৯৬ শ্ৰীৰামৰ বচন সুমন্ত্ৰে পৰিমানি। সেহিত কৰি ৰথ যোগাইলন্ত আনি॥