পোৱা যায় সে অনন্ত কন্দলীয়ে যেতিয়া মাধৱ কন্দলীৰ ৰামায়ণ খনকে অলপ ইফাল সিফাল কৰি নিজ৷ ভণিতাৰে এখন নতুন ৰামায়ণ প্ৰণয়ণ কৰি জনসমাজত চলাবলৈ চেষ্টা কৰে তেতিয়া মাধৱ কন্দলীয়ে হেনো মহাপুৰুষক স্বপ্নত দেখা দি তেওঁৰ ৰামায়ণখন ৰাখিবলৈ অনুৰোধ কৰে। মহাপুৰুষেও সেই অনুৰোধ ক্ৰমে প্ৰিয় শিষ্য মাধৱদেৱক আদি কাণ্ড ৰচনা কৰিবলৈ কৈ নিজে উত্তৰাকাণ্ড ৰচনা কৰি মাধৱ কন্দলীকৃত মাজৰ পাঁচকাণ্ডৰ আগে গোৰে আদি আৰু উত্তৰাকাণ্ড সংযোগ কৰি দিয়ে, আৰু অধ্যায়ৰ শেষত ভক্তিমূলক উপদেশ পাঠ দি পুথিখন ষ্ণৈৱসকলৰ গ্ৰহণীয় কৰি তোলে। এই খিনিতে আৰ্মি আৰু এটা কথা মনত ৰাখিব লাগিব যে মাধৱ কন্দলীৰ ৰামায়ণৰ ওপৰত প্ৰতিষ্ঠিত অনন্ত কন্দলীৰ ৰামায়ণৰো ৫টা কাণ্ডহে পোৱা যায়। গতিকে ষোড়ণ শতিকাৰ পৰাই মাধৱ কন্দলী ৰামায়ণৰ আদি আৰু উত্তৰাকাণ্ড নাই। উত্তৰ ভাৰতৰ প্ৰাদেশিক ভাষাত ৰচিত হোৱা ৰামায়ণৰ ভিতৰত মাধৱ কন্দলীৰ ৰামায়ণেই প্ৰাচীনতম। মাধৱ কন্দল্লীৰ ৰামায়ণ ৰচনাৰ প্ৰায় এশ ডেৰশ বছৰৰ পাছতহে হিন্দী, বঙ্গালী আৰু উৰীয়া আদি ভাষালৈ ৰামায়ণ অনুদিত হয়। কিন্তু ইমান প্ৰাচীন হলেও মাধৱ কন্দলীৰ ৰামায়ণৰ ভাষাত ভাৱপ্ৰকাশৰ অক্ষমতা দেখা নাপাওঁ, বৰং তেওঁৰ ভাষাত পূৰ্ণবিকশিত সাহিত্যক ঠাচ এটাৰ নিদৰ্শন পাওঁ। মাধৱ কন্দলীয়ে ৰামায়ণ অনুবাদ কৰোঁতে কাব্যগত সৌন্দৰ্য্য আৰু জনসমাজৰ ৰুচি এই দুটা কথালৈ সততে দৃষ্টি ৰাখিছিল। সাম্প্ৰদায়িক বা ধাৰ্ম্মিক মতবাদক প্ৰাধান্য দি কাব্যোচিত সৌন্দৰ্য্যক ক’তো তল পেলাব খোজা নাই. এই কাৰণেই শব্দ প্ৰয়োগ, অলঙ্কাৰ প্ৰয়োগ বা চিত্ৰ ৰচনাত তেওঁৰ কল্পনা ব্যাহত হোৱা নাই। “কবিসৱ নিবন্ধয় লোক ব্যৱহাৰে। কতো নিজা কতো লম্ভা কথা অনুসাৰে,” এই আত্মোক্তিৰ যথাৰ্থ প্ৰয়োগ তেওঁৰ বৰ্ণনাত লক্ষ্য কৰা যায়। বাল্মীকিৰ ৰামায়ণক আদি কাব্য বুলি ধৰা হয়, দৰাচলতে বাল্মীকিৰ ৰচনাত ভক্তিবাদ বা ধৰ্ম্মমতবাদতকৈ কাব্যিক সৌন্দৰ্য্যৰহে পৰিস্ফুৰণ দেখ যায়। মাধৱ কন্দলীয়েও ৰামায়ণক লৌকিক কাব্য- ৰূপেই দৃষ্টি কৰিছে আৰু সেই কাৰণেই মূলব কথাৰ কিছু বঢ়া-টুটা ঠাই অনুসৰি কৰিছে। মহাপুৰুষ দুজনে কন্দলীৰ ৰামায়ণত ভক্তিৰ ৰহণ দিহে ইয়াক বৈষ্ণৱ কাব্যলৈ ৰূপান্তৰিত কৰা যেন অনুমান হয়। অধ্যায়ৰ মূল বাল্মীকিৰ ৰামায়ণৰ অযোধ্যা কাণ্ডত ১১৯ অধ্যায় (গৌড়ীয় পাঠ ) পোৱা যায়। বিভিন্ন ঘটন৷ আৰু পৰিস্থিতিৰ বিশদ বিৱৰণ আছে। আমাৰ কবিয়ে মূলৰ দুই তিনিটা বৰ্ণনা চমুৱাই এটা অধ্যায়তে নিবদ্ধ কৰিছে। কিন্তু সেই বুলি প্ৰয়োজনীয় ঘটনা বা বিবৰণখিনি বাদ দিয়া নাই, নাইবা মূলত নথকা কোনো স্বকল্পিত ঘটনাও সন্নিবেশ কৰা নাই। আখ্যানৰ সৌন্দৰ্যা সৃষ্টি আৰু বৰ্দ্ধন কৰাত যিখিনি বৰ্ণনা অপৰিহাৰ্য্য সেইখিনি কন্দলীয়ে অটুট ৰাখিছে! মূল বাল্মীকিৰ শ্লোক কন্দলীয়ে যেনেকৈ অনুবাদ কৰিছে তাৰ কেইটামান নিদৰ্শন তলত উদ্ধৃত কৰি দিয়া হ'ল। বাল্মীকি :-- (১) সন্তি দুঃসংস্থিতা কুব্জা বিৰূপা বিকৃতাননাঃ। ত্বত্ত পদ্মান্তৰনিভা কুব্জেতি প্ৰিয় দৰ্শনা। উস্তে নাতিনিৰ্ভু গ্লং আকণ্ঠান্মুখমুত্তমম্। অধস্তাচ্চোদৰং শাতং বিলগ্নঞ্চ স্তনদ্বয়ম॥ জঘনং তে লুনিৰ্ম্মাংসং ৰসনাদাম শোভিতম। জঙ্ঘেদীৰ্ণে তন্নচৈব পাদৌ চাপ্যায়তৌ কুশৌ। ত্বমায়তাভ্যাং সকৃথিভ্যাং মন্থৰে নীলবাসিনী। অগ্ৰতো মম গচ্ছন্তী টিট্টিভীব বিৰাজসে।
পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/৪
অৱয়ব