পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Library books will give us : of handed carefully with: মাধৱ কন্দলী প্ৰাক্-শঙ্কৰী কৱিসকলৰ ভিতৰত কৱিৰাজ মাধৱ কন্দলীয়েই সৰ্ব্বশ্ৰেষ্ঠ। অসমীয়া ভাষালৈ পোন প্ৰথমে সপ্তকাণ্ড ৰামায়ণ অনুবাদ কৰি অসমীয়া সাহিত্যৰ ভেটি সুদৃঢ় ভাৱে ৰচনা কৰাত মাধৱ কন্দলীৰ অৱদান বিশেষকৈ লেখত লব লগীয়া। বৰাহী ৰজা মহামাণিক্যৰ অনুপ্ৰেৰণাত খৃষ্টীয় চতুৰ্দ্দশ শতিকাত এওঁ ৰামায়ণ ৰচনা কৰে বুলি পণ্ডিত সমালোচকসকলে কয়। ৺মাধৱচন্দ্ৰ বৰদলৈ, ৺হেমচন্দ্ৰ গোস্বামী, ৺কনকলাল বৰুৱা, কালিৰাম মেধি, শ্ৰীযুত উপেন্দ্ৰচন্দ্ৰ লেখাৰু আদিয়ে মাধৱ কন্দলীক অনুপ্ৰেৰণ। দিয়া মহামাণিক্য বৰাহ ( বৰাহী) ৰজাই কেতিয়া আৰু ক'ত ৰাজত্ব কৰিছিল সেই বিষয়ে আলোচনা কৰিছিল। ১ সেই আলোচনাসমূহ আৰু তেওঁলোকৰ বিভিন্ন মত পুনৰ অৱতাৰণ৷ নকৰি মুঠতে চমুকৈ কব পাৰি যে বৰাহী বুলি পৰিচয় দিয়৷ লোকসকল কছাৰী জাতিৰে এট। শাখা। খৃষ্টীয় ত্ৰয়োদশ-চতুৰ্দ্দশ শতিকাত ব্ৰহ্মপুত্ৰৰ দক্ষিণকুলত উজনি আৰু মধ্য অসমত এওঁলোকে ৰাজত্ব কৰিছিল। কছাৰী বুৰঞ্জী মতে মহামাণিকা নামে এওঁলোকৰ এজন ৰজাই উজনিৰ সোণাপুৰত চতুৰ্দশ শতিকাত ৰাজত্ব কৰিছিল। সম্ভবতঃ এইজন ৰজাই মাধৱ কন্দলীৰ পৃষ্ঠপোষক আছিল। কছাৰী জাতিৰে অন্য দুটা ৰাজবংশই ত্ৰিপুৰ। আৰু জয়ন্তাপুৰত খৃষ্টীয় চতুৰ্দ্দশ শতিকামানৰপৰা ৰাজত্ব কৰাৰ প্ৰমাণ পোৱা যায় আৰু মাণিক বা ‘মাণিক্য' উপাধি এওঁলোকেও লৈছিল। কিন্তু ত্ৰিপুৰা বা জয়ন্তাপুৰৰ ৰাজসভাতকৈ উজনিৰ সোণাপুৰৰ বৰাহী ৰজা মহামাণিফাৰ ৰাজসভাত ৰামায়ণ ৰচনা কৰাই বেচি সম্ভৱ। মাধৱ কন্দলী সম্ভৱতঃ নগাওঁ অঞ্চলৰ লোক আছিল বুলি পণ্ডিতসকলৰ ধাৰণা। পুৰণি অসমীয়া সাহিত্যত কন্দলী উপাধি ধাৰী কেইবাজনো কৱি আৰু পণ্ডিতৰ নাম পোৱা যায়। ৰুদ্ৰ কন্দলী, অনন্ত কন্দলী, শ্ৰীধৰ কন্দলী, ৰত্নাকৰ কন্দলী, ৰত্ন কন্দলীৰ নাম বিশেষ ভাৱে উল্লেখযোগ্য। যদিও কন্দলী শব্দৰ ব্যুৎপত্তিয়ে পাণ্ডিত্যহে (বিশেষকৈ তৰ্ক বা ন্যায় শাস্ত্ৰত ) সূচায়, তথাপি কন্দলী উপাধিযুক্ত সকলো কেইজন প্ৰসিদ্ধ লেখকেই ব্ৰাহ্মণ আছিল। মাধৱ কন্দলীৰে তেওঁৰ ভণিতা এটাত 'দ্বিজৰাজ মাধৱ কন্দলী নিগদতি' বুলি বৰ্ণৰ পৰিচয় দিছে। মাধৱ কন্দলী তেওঁৰ আচল নাম আছিল যদিও জনসমাজত তেওঁ ‘কবিৰাজ কন্দলী’ বুলিহে জনাজাত আছিল। সম্ভৱতঃ এই কবিৰাজ উপাধিটো তেওঁৰ পৃষ্ঠপোষক ৰজা মহামাণিক্যই দিছিল। “সপ্তকাণ্ড ৰামায়ণ পদ বন্ধে নিবন্ধিলো লন্ত| পৰিহৰি সাৰোদ্ধতে” — এই পদ ফাকিৰ পৰা মাধৱ কন্দলীয়ে ৭ কাণ্ড অনুবাদ কৰিছিল সেই কথা জানিব পাৰিছে। যদিও, খৃষ্টীয় ষোড়শ শতিকাৰ পৰা মাজৰ পাঁচ কাণ্ডহে জনসমাজত প্ৰচলিত হৈ আহিছে; আদি আৰু উত্তৰাকাণ্ড মহাপুৰুষৰ শঙ্কৰদেৱৰ দিনৰ পৰাই নাই। কথা-গুৰুচৰিতত (১) বিভিন্ন পণ্ডিতৰ মত আৰু আলোচনাসমূহ বহুলভাবে জানিব খুজিলে শ্ৰীযুত উপেন্দ্ৰচন্দ্ৰ লেখাৰুৰ ‘অসমীয়া ৰামায়ণ সাহিত্য' আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা প্ৰকাশিত 'Aspects of Early Assamese Literature' চাওক। DISTRICT IBRARY.