ৰামায়ণ পৰিধান বল্কল হৈবেক জটা কেশ। নখ লোম চোৱৰ হৈব ভোবকাৰ বেশ॥ অস্থি চৰ্ম্ম নাম মাত্ৰ হৈব মোৰ সাৰ। কিনো প্ৰীতি হৈব তোৰ সুৰত আমাৰ॥ ১৮৫৯ ঘৰ্ম্মকালে পঙ্কত ব্ৰতক ধৰিবো। শিশিৰ সময়ে জলে নিবাস কৰিবো॥ উপবাস কৰিতে লাগয় ঘনে ঘন। অন্নক তেজিয়া ফলমূলেসে ভোজন॥ ১৮৬০ আমাৰ লগত বসবাসে যেবে যাইবা। উপবাস ব্ৰতে মহা দুখ মাত্ৰ পাইবা॥ জনক নন্দিনী মোৰ বচন নবাধা। গৃহে পতিব্ৰতা ধৰ্ম্মে পৰলোক সাধা॥ ১৮৬১ ৰামৰ বচন শুনি জানকী গোসানী। ক্ৰন্দন কৰিয়া দেৰী বুলিলন্ত বাণী॥ তুমি এৰি গৈলে মোৰ জীৱন নিষ্ফল। কটাৰত ভৰ নুহি ভুঞ্জিবো গৰল॥ ১৮৬২ সীতাৰ বিলাপে চিত ৰামৰ দ্ৰৱিল। বনক যাইবাক তাঙ্ক অনুমতি দিল॥ শুন শুন জানকী লখিলো তোৰ কাজ। ধন জন সমন্বিতে গ্ৰাম দশ শত। তোমাত গৌৰবে তাঙ্ক পালিব ভৰত॥ ১৮৬৫ তুলত যাইবাক মোক নিৰোধাহ৷ কিক। কিনো মন্দচিন্তিলো মোহোৰ আছে ধিক॥ প্ৰাণ মোৰ দহে আতি এতমান স্নেহ। হৃদয়ত খাণ্ডা হানি তেজিবোহে। দেহ॥ ১৮৬৬ যেন অভিমত কৰ ভৈয়াই লক্ষ্মণ। সুযজ্ঞ দ্বিজক গৈয়া আন এতিক্ষণ॥ বশিষ্ঠৰ পুত্ৰ তেহে৷ ৰাঘৱৰ মিত্ৰ। তেখনে লক্ষ্মণ আনি কৰিলা উপস্থিত॥ ১৮৬৭ স্মযজ্ঞক ৰামদেৱে অৰ্চ্চনা কৰিলা। আপোনাৰ অলঙ্কাৰ তাঙ্ক দান দিলা॥ ৰাঘৱক দেখিয়া সীতাৰ অভিমত। মিতিনীক আনি দিলা অলঙ্কাৰ যত। ১৮৬৮ শয়ন কামলি আৰো সিংহাসন খাট। ৰত্নৰ বাহুতি দিলা চতুৰ্ষষ্টি পাট॥ পাট পট কুণ্ডল কঙ্কণ মণিহাৰ৷ নুপূৰ পাগৰী দিলা নানা অলঙ্কাৰ॥ ১৮৬৯ কৌশল্যা সুমিত্ৰা আদি মাগণ যত। মোহোৰ তুলত বনে যাইবে হোৱা সাজ॥ ১৮৬৩ | ব্ৰাহ্মণ প্ৰমুখ্যে আনো যত অনুগত॥ বন্ধুজন নট ভাট দাস দাসী জন। মনোৰথ পুৰি ৰামে বিলাইলন্ত ধন॥ ১৮৭০ পাচে বৃদ্ধ ব্ৰাহ্মণে ৰামক পাইল ভেট। আমি পাঞ্চ বৰিষে ৰাজাত কৰি জ্যেষ্ঠ শিশু সুত মোহোৰ বিস্তৰ পৰিজন। পুষিতে নপাৰি মোক কিছু দিয়ো ধন॥ ১৮৭১ ৰাঘবে বোলন্ত ধন আগে দিয়া গৈল। সহস্ৰেক চৰু তাৰ অৱশেষ ৰৈল॥ ৰাখিতে পাৰিবা যত আপুনি লৈয়োক। বিলম্ব নকৰি ঝাণ্টে লৈয়ো ধৰিয়োক॥ ১৮৭২ 36- লক্ষ্মণৰ বনলৈ যাবলৈ অনুমতি লাভ; ৰাম-সীতা-লক্ষ্মণৰ বনগমনৰ উদ্যোগ। ৰাঘৱে বোলন্ত লক্ষ্মণৰ হাতে ধৰি। পলটাউ মন বাপু গ্ৰহ পৰিহৰি॥ দুখী দুই মাৱ মোৰ বৰ শোক পাইব। কৈকেয়ীত মান সাৰি লঘনক পাইব॥ ১৮৬৪ শুনিয়া লক্ষ্মণে পাচে বুলিলন্ত বাণী। লক্ষক পুষিতে পাৰে কৌশল্যা গোসানী॥
পৃষ্ঠা:অযোধ্যা কাণ্ড.djvu/৩৬
অৱয়ব